ভাৰতৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট এটিএছৰ সৈতে চলোৱা যৌথ অভিযানত আৰব সাগৰত জব্দ কৰে বৃহৎসংখ্যক ড্ৰাগছ । ইৰাণৰ এখন নাৱৰ পৰা ৫২৬ কিলোগ্ৰাম মেথামফেটামাইন আৰু হেৰ’ইন জব্দ কৰা হয় । এই ড্ৰাগছখিনিৰ বজাৰ মূল্য ৩ হাজাৰ কোটিতকৈ অধিক বুলি জানিব পৰা গৈছে ।ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জনোৱা মতে, ২৫ ছেপ্টেম্বৰত লাক্ষাদ্বীপৰ সমীপত চলোৱা অভিযানত নাওখন পৰিচালনা কৰা পাঁচজন পাকিস্তানী নাগৰিকক আটক কৰা হয় । Share this:FacebookX Related Post navigation আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব এছিয়ান গেমছ ২০২৬ ৰ ফাইনেলত প্ৰৱেশ অসমকন্যা লাভলীনা বৰগোঁহাইৰ