অৱশেষত নিজৰ অনশন ভংগ কৰিলে জলবায়ু কৰ্মী তথা বিজ্ঞানী সোণম ৱাংচুকে ৷ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ, পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত তথা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে তেওঁ অনশন আৰম্ভ কৰিছিল ৷ ২৬ দিনৰ অন্তত তেওঁ নিজৰ অনশন ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।এক্স হেণ্ডেলত নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে ৱাংচুকে । ‘‘এইমাত্ৰ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, জিতেন্দ্ৰ সিং আৰু লেহ লাডাখৰ এপেক্স ব’ডীৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত অৱশেষত ২৬ দিনৰ পিছত মোৰ অনশন ভংগ কৰিলোঁ । ইয়াৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ ৬৫ জন সংসদ সদস্যই মোক অনশন ভংগ কৰিবলৈ আহ্বান জনাই পত্ৰত স্বাক্ষৰ কৰিছিল । বিভিন্ন চৰ্তত দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত আৰু দেশত সম্ভাব্য হিংসাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হয় । অতি সোনকালে এটা সুকীয়া ভিডিঅ’ত চৰ্তসমূহ বিতংভাৱে বুজাই দিম । ইফালে মই আপোনালোক সকলোকে আহ্বান জনাইছো যে ক’তো কোনো ধৰণৰ হিংসাত্মক কাৰ্য যাতে সংঘটিত নহয়, তাৰ প্ৰতি অতি সজাগ হৈ থাকক ৷’’ তেওঁ নিজৰ এক্স হেণ্ডেলত এইদৰে লিখে ।

Leave a Reply

Your email address will not be published. Required fields are marked *