বিহাৰত এন ডি এয়ে ২৪৩খন আসনৰ ভিতৰত ২০২খন আসন লাভ কৰি ঐতিহাসিক সংখ্যাগৰিষ্ঠতা লাভ কৰে। ৰাষ্ট্ৰীয় জনতা দলৰ গ্ৰেণ্ড এলায়েন্স, ভাৰতীয় জাতীয় কংগ্ৰেছ, আৰু অন্যান্য দলসমূহে এক বৃহৎ আৰু অভাৱনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। কংগ্ৰেছ দলৰ প্ৰদৰ্শন অতিকে নিৰাশজনক। তেওঁলোকে ৬০খন আসনৰ ভিতৰত মাত্ৰ ৬খন আসনতহে জয়লাভ কৰে। এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ভোটৰ অংশ ৮.৭১ শতাংশ। ২০২০ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ভোটৰ হাৰ আছিল ৯.৬ শতাংশ। অৱশ্যে কংগ্ৰেছে ৭০খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। বিগত কেইটামান দশক ধৰি কংগ্ৰেছ দলৰ বাবে ৰাজনৈতিকভাৱে কঠিন ৰাজ্য হৈ পৰিছে বিহাৰ। ২০১৫ চনত দলটোৱে ২৭খন আসন লাভ কৰিছিল। ২০১০ চনত তেওঁলোকে মাত্ৰ চাৰিখন আসনহে লাভ কৰিছিল। এইবাৰ কংগ্ৰেছে মাত্ৰ ৬খন আসনহে লাভ কৰে। অৰ্থাৎ প্ৰতি দহজন প্ৰাৰ্থীৰ ভিতৰত এজনহে জয়ী হয়। বিশ্লেষকসকলৰ মতে কংগ্ৰেছ দলৰ এই দুৰ্বল প্ৰদৰ্শন অপ্ৰত্যাশিত আৰু আচৰিত হ’ব পাৰে যদিও নিৰ্বাচনী প্ৰচাৰৰ সময়ত ইতিমধ্যে ইয়াৰ লক্ষণ দেখা গৈছিল। ১৯৯০ চনৰ পৰা বিহাৰত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী নাই, আৰু বেছিভাগ সময়তে ৰাজ্যত দলটো ক্ষমতাৰ পৰা আঁতৰি আছে। নিৰ্বাচনৰ ফলাফলৰ পিছতে অধিকাংশ কংগ্ৰেছ নেতাই এই ফলাফলৰ বাবে নিৰ্বাচন আয়োগক দোষাৰোপ কৰে। কিন্তু বিশ্লেষকসকলে কংগ্ৰেছৰ এই দুৰ্বল প্ৰদৰ্শনৰ কাৰণ সামাজিক ভিত্তিৰ অভাৱ, দুৰ্বল সংগঠন, মিত্ৰতাৰ সৈতে সমন্বয়ৰ অভাৱ আৰু প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত অসাৱধানতা বুলি কয়। ভাৰতীয় জনতা পাৰ্টিৰ হিন্দুত্ববাদী এজেণ্ডা শক্তিশালী আৰু বিগত দশকত অসংখ্য নিৰ্বাচনত জয়ী হৈছে।হাৰিয়ানা, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, আৰু ছত্তীশগড়ৰ পিছত এতিয়া বিহাৰত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে বৃহৎ জয় লাভ কৰিছে। Share this:FacebookX Related Post navigation ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ