অৱশেষত মৃদুমুদ্ৰাও গ’লগৈ! একপক্ষীয় প্ৰেম, প্ৰত্যাখ্যান আৰু আক্ৰোশৰ ভয়ংকৰ পৰিণতিত সংঘটিত নৃশংস আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল নলবাৰীৰ ১৭ বছৰীয়া মৃদুমুদ্ৰা ডেকা। কিন্তু জীৱন-মৃত্যুৰ সেই যুঁজত অৱশেষত হাৰ মানিলে কিশোৰীগৰাকীয়েও। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে মৃদুমুদ্ৰাই। মৃদুমুদ্ৰাৰ মৃত্যুৰে নলবাৰীৰ গংগাপুৰত সংঘটিত এই নৃশংস আক্ৰমণত নিহতৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাইছিল পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা ১৯ বছৰীয়া মাধুৰ্য বৰ্মনে। উল্লেখ্য যে, ৩১ মে’ৰ সন্ধিয়া নলবাৰী চহৰৰ পৰা কিতাপ কিনি স্কুটীৰে ঘৰলৈ উভতি আহিছিল মাধুৰ্য বৰ্মন আৰু তেওঁৰ সম্পৰ্কীয় ভগ্নী মৃদুমুদ্ৰা ডেকা। গংগাপুৰত নিজ বাসগৃহৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত্বত পূব কালাকুছি গাঁৱৰ নিবাসী আছিফ খান ওৰফে ৰোজ আলীয়ে দুয়োকে ভেটি ধৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। এই আক্ৰমণত মাধুৰ্য বৰ্মনৰ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে, সংকটজনক অৱস্থাত মৃদুমুদ্ৰাক প্ৰথমে নলবাৰী আৰু পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আইচিইউত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পাছতো চিকিৎসকৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰি অৱশেষত মৃত্যু ঘটে কিশোৰীগৰাকীৰ। ভুক্তভোগী পৰিয়াল আৰু মৃদুমুদ্ৰাৰ মাতৃৰ অভিযোগ অনুসৰি, মূল অভিযুক্ত ৰোজ আলীয়ে দীৰ্ঘদিন ধৰি একপক্ষীয়ভাৱে কিশোৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছত তেওঁ ছুৰী দেখুৱাই ভাবুকি দিয়াৰ লগতে ঘৰলৈ আহিও ভয়-ভাবুকি প্ৰদান কৰিছিল। সেই প্ৰস্তাৱ গ্ৰহণ নকৰাৰ প্ৰতিশোধ ল’বলৈয়েই এই আক্ৰমণ সংঘটিত কৰা হৈছিল বুলি পৰিয়ালৰ অভিযোগ। ঘটনাৰ প্ৰায় ২৪ ঘণ্টাৰ ভিতৰতে মুকালমুৱাৰ এটা চৰ অঞ্চলৰ পৰা অভিযুক্ত ৰোজ আলীক আটক কৰে আৰক্ষীয়ে। পিছত হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰৰ বাবে অভিযান চলোৱাৰ সময়ত অভিযুক্তই আৰক্ষীৰ এছএলআৰ ৰাইফল কাঢ়ি লৈ গুলীচালনা কৰি পলায়নৰ চেষ্টা কৰে। তাৰ পিছত সংঘটিত আত্মৰক্ষামূলক গুলীচালনাত গুলীবিদ্ধ হয় ৰোজ আলী। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে অভিযুক্তজনৰ। এই নৃশংস ঘটনাৰ পিছতে সমগ্ৰ নলবাৰী জিলাজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। সদৌ অসম ছাত্ৰ সন্থাই দোষীৰ কঠোৰ শাস্তিৰ দাবীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, ৰাজ্যৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই ঘটনাটোক ‘লাভ জেহাদ’ৰ এক গুৰুতৰ সামাজিক প্ৰত্যাহ্বান বুলি অভিহিত কৰি অসমৰ জীয়াৰী-বোৱাৰীসকলক লক্ষ্য কৰি চলোৱা এনে অপৰাধৰ বিৰুদ্ধে সমাজক অধিক সজাগ হোৱাৰ আহ্বান জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ঘটনাটোক লৈ আৰক্ষীয়ে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। মৃদুমুদ্ৰাৰ মৃত্যুৰ পাছত এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি পুনৰ তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। বিভিন্ন সামাজিক সংগঠন আৰু সচেতন মহলে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদানৰ দাবী অধিক সজোৰে উত্থাপন কৰিছে। Share this:FacebookX Related Post navigation বন মহোৎসৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সেউজ ঘোষণা: ১ কোটি গছপুলি, জন্মদিনত এজোপা গছ অৰুণাচলত বান বিভীষিকা! দুৰ্যোগগ্ৰস্তলৈ সাত মাহৰ দৰমহা প্ৰদান ডিৰাঙৰ বিধায়কৰ