ম্যানমাৰৰ উপকূলত সংঘটিত দুখন ডাঙৰ নাও দুৰ্ঘটনাত ৫০০ তকৈও অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা আৰু আন্তৰ্জাতিক প্ৰব্ৰজন সংস্থাই যুটীয়াভাৱে এই উদ্বেগজনক তথ্য সদৰী কৰিছে। নাও দুখনত থকা যাত্ৰীসকলৰ অধিকাংশই ৰোহিংগীয়া সম্প্ৰদায়ৰ আছিল বুলি জানিব পৰা গৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, যোৱা জুন মাহৰ শেষৰ ফালে ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ পৰা নাও দুখনে যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰে দ্বিতীয়খন নাও ৮ জুলাইত ম্যানমাৰৰ আয়েয়াৰৱাডী উপকূলৰ ওচৰত ডুব যোৱাৰ সন্দেহ কৰা হৈছে।

প্ৰথমখন নাৱত প্ৰায় ২৫০ জন আৰু দ্বিতীয়খন নাৱত প্ৰায় ২৮০ জন যাত্ৰী থকাৰ খবৰ পোৱা গৈছে। দুয়োখন নাৱৰ সৈতে সম্পূৰ্ণ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বৰ্তমান অঞ্চলটোত চলি থকা ধাৰাসাৰ বৰষুণ, বানপানী আৰু সাগৰৰ পবল লহৰৰ পৰিস্থিতিৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। ২০১৭ চনৰ সামৰিক দমন-পীড়নৰ পিছৰে পৰা লাখ লাখ ৰোহিংগীয়া লোকে ম্যানমাৰ এৰি বাংলাদেশৰ কক্স বজাৰৰ শৰণাৰ্থী শিবিৰসমূহত আশ্ৰয় লৈ আছে।

ৰাষ্ট্ৰসংঘৰ মতে, কেৱল এই বছৰটোতে আন্দামান সাগৰ আৰু বংগোপসাগৰৰ বিপজ্জনক পথেৰে পলায়ন কৰিবলৈ গৈ প্ৰায় ৩০০ গৰাকী ৰোহিংগীয়া শৰণাৰ্থী আৰু বাংলাদেশী নাগৰিকে প্ৰাণ হেৰুৱাইছে অথবা সন্ধানহীন হৈছে। মানৱীয় দৃষ্টিকোণৰ পৰা এই সমগ্ৰ পৰিস্থিতিক অত্যন্ত স্পৰ্শকাতৰ বুলি অভিহিত কৰি ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে গভীৰ চিন্তা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *