ফেচবুকত আৰম্ভ হৈছিল প্ৰেম। সেই প্ৰেমিকাক লগ পাবলৈ সকলো বাধা নেওচি ভিছা নোহোৱাকৈ সীমান্ত পাৰ হৈ পাকিস্তানত উপস্থিত হৈছিল এজন ভাৰতীয় যুৱক। কিন্তু প্ৰেমৰ সেই যাত্ৰাই শেষত ঠাই পালে কাৰাগাৰত। শাস্তিৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছতো এতিয়াও পাকিস্তানৰ লাহোৰৰ কট লাখপত কাৰাগাৰত আবদ্ধ হৈ আছে উত্তৰ প্ৰদেশৰ আলীগড়ৰ বাদল বাবু। তেওঁৰ মুক্তি নিশ্চিত কৰি ভাৰতলৈ ঘূৰাই অনাৰ দাবীত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিছে পৰিয়াল। জানিব পৰা মতে, দিল্লীত দৰ্জি হিচাপে কাম কৰা বাদল বাবুৰ সৈতে ফেচবুকযোগে চিনাকি হৈছিল পাকিস্তানৰ ছানা নামৰ এগৰাকী যুৱতীৰ। পৰিয়ালৰ দাবী অনুসৰি, অনলাইনত আৰম্ভ হোৱা সেই বন্ধুত্ব পিছলৈ প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হয়। বাদল বাবুৱে ২০২৪ চনৰ ৩০ অক্টোবৰত পৰিয়ালৰ সৈতে অন্তিমবাৰৰ বাবে কথা পাতে। ইয়াৰ পিছত তেওঁ নিৰুদ্দেশ হয়। ঘৰত নিজৰ সকলো নথি-পত্ৰ এৰি যোৱাৰ বাবেই পৰিয়ালৰ সন্দেহ অধিক বৃদ্ধি পায়। প্ৰায় ২০ মাহৰ পিছত সামাজিক মাধ্যমত তেওঁৰ কেইবাটাও ভিডিঅ’ আৰু পোষ্ট ভাইৰেল হোৱাৰ পিছতহে পৰিয়ালে জানিব পাৰে যে, বাদল বাবুৱে অবৈধভাৱে পাকিস্তানত প্ৰৱেশ কৰিছিল আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। পৰিয়ালৰ দাবী অনুসৰি, ২০২৪ চনৰ আগষ্ট মাহতো পাকিস্তানলৈ যাবলৈ চেষ্টা কৰিছিল বাদল বাবুৱে। যদিও সেইবাৰ সফল হোৱা নাছিল। পিছত ১৫ অক্টোবৰত ভিছা নোহোৱাকৈ সীমান্ত অতিক্ৰম কৰি পাকিস্তানত প্ৰৱেশ কৰে তেওঁ। ইফালে, পাকিস্তানত উপস্থিত হোৱাৰ পাছত প্ৰেয়সী ছানাই বিয়াৰ বাবে অস্বীকাৰ কৰাত বাদল পাকিস্তানতে থাকি যায় আৰু তাতেই কাম কৰিবলৈ আৰম্ভ কৰে। সেই সময়ছোৱাত তেওঁ ফোনযোগে পৰিয়ালৰ সৈতে যোগাযোগো ৰক্ষা কৰিছিল। যোৱা ২৭ ডিচেম্বৰত তেওঁ কাম কৰা নিয়োগকৰ্তাৰ ছাগলী চৰাই থকা সময়তে স্থানীয় লোকৰ সন্দেহৰ উদ্ৰেক হয়। তেওঁৰ কথাবতৰাৰ ধৰণ আৰু ভাৰতীয় উচ্চাৰণ লক্ষ্য কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি অবৈধভাৱে পাকিস্তানত প্ৰৱেশ কৰাৰ অভিযোগত আদালতত হাজিৰ কৰায়। সেই সময়তে আদালত চৌহদৰ পৰা তোলা তেওঁৰ এটা ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈছিল। ভিডিঅ’টোত বাদলে পৰিয়ালক উদ্বিগ্ন নহ’বলৈ আহ্বান জনাই কয়, “মই এতিয়া ঘূৰি নাহোঁ। চিন্তা নকৰিবা। মই ধৰ্ম সলনি কৰিছোঁ।” পৰিয়ালৰ দাবী অনুসৰি, বাদল বাবুৱে ইতিমধ্যে শাস্তিৰ ম্যাদ সম্পূৰ্ণ কৰিছে। কিন্তু প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবে তেওঁ এতিয়াও কাৰাগাৰৰ ভিতৰতে আছে। তেওঁলোকৰ অভিযোগ অনুসৰি, আলীগড় জিলা প্ৰশাসনে কেইবাবাৰো প্ৰয়োজনীয় নথি-পত্ৰ প্ৰেৰণ কৰিছে। স্থানীয় সাংসদ সতীশ গৌতমেও এই বিষয়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল। বৰ্তমান লণ্ডনত বাস কৰা ভাৰতীয় মূলৰ এগৰাকী মহিলাই পাকিস্তানত থকা বাদল বাবুৰ অধিবক্তাৰ সৈতে সমন্বয় ৰাখি তেওঁৰ মুক্তিৰ বাবে আইনী প্ৰক্ৰিয়াত সহায় কৰি আছে বুলিও পৰিয়ালে সদৰি কৰিছে। Share this:FacebookX Related Post navigation ম্যানমাৰ উপকূলত নাও দুৰ্ঘটনাত ৫০০ তকৈও অধিক ৰোহিংগীয়া লোকৰ মৃ*ত্যু মহাসংযোগ! ১৯ বছৰ পূৰ্বে ফটোশ্বুটত গা ধুৱাই দিয়া সেই কণমানিৰ বিৰুদ্ধেই বিশ্বকাপ ফাইনেলত অৱতীৰ্ণ হ’ব মহাতাৰকা মেছি