৬০০ বছৰ ৰাজ শাসন কৰা টাই আহোম সকলে নিজৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে ৰাজপথত নামিবলগা হৈছে । জনগোষ্ঠীটোৰ ৰাইজে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে আহিছে । প্ৰতিখন চৰকাৰে অসমৰ টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী কৰিব নোৱৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ দল-সংগঠনসমূহ ।মঙলবাৰে নিশা টাই আহোমৰ জনজাতিকৰণৰ দাবীত মৰাণত বিশাল জোঁৰ সমদল উলিওৱা হয় । বৃহত্তৰ টাই আহোম সমাজৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় মৰাণৰ ৰাজপথত । উজনিৰ কেইবাখনো জিলাৰ দল-মত নিৰ্বিশেষে হাজাৰ হাজাৰ টাই আহোম জনগোষ্ঠীৰ লোকে জনজাতিকৰণৰ দাবীত কঁপাই তোলে মৰাণৰ ৰাজপথ ৷ Share this:FacebookX Related Post navigation “ৰৈ ৰৈ বিনালে”ক কৰমুক্ত ঘোষণা কৰিবলৈ অসম চৰকাৰক আহ্বান গৌৰৱ গগৈৰ মহাবাহু ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ ছিটা ভস্ম বিসৰ্জন