পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ ৷ আজি (২০ আগষ্ট)ৰ পৰা ৰাজ্যখনৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান তিনিদিনৰ বাবে বন্ধ ঘোষণা কৰিছে মণিপুৰ চৰকাৰে ৷ ৰাজ্যখনৰ শেহতীয়া আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি আজিৰে পৰা ২২ আগষ্টলৈ বন্ধ থাকিব সকলো ধৰণৰ শিক্ষানুষ্ঠান ৷ মণিপুৰৰ শিক্ষা বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি মাধ্যমিক শিক্ষা ব’ৰ্ড, উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড আৰু অন্যান্য ব’ৰ্ডৰ সৈতে জড়িত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ লগতে চৰকাৰী, সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো এই বন্ধৰ নিৰ্দেশনা প্ৰযোজ্য হ’ব । Share this:FacebookX Related Post navigation যোৰাবাটৰ প্ৰতিবাদকাৰীক সংগ দিলে শৃংখল চলিহাই অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা