যোৰাবাটৰ প্ৰতিবাদকাৰীক সংগ দিলে শৃংখল চলিহাই। ‘এই আন্দোলন বহুদূৰলৈ আগবাঢ়িব। তৃতীয় শক্তিয়ে এই আন্দোলনত সোমাই যাতে প্ৰতিবাদটো বিপদে পৰিচালিত নকৰে।’ প্ৰতিবাদকাৰী সকলক চোঁকা নজৰ ৰাখিবলৈ আহ্বান শৃংখল চলিহাৰ। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত সংগঠনটোৰ কাৰ্যকৰ্তাসকলে সীমান্ত প্ৰাংগণত উপস্থিত হৈ মেঘালয় চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।যোৰাবাট প্ৰতিবাদস্থলীত উপস্থিত হৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মেঘালয়ত বসবাস কৰা তথা যাতায়াত কৰা অসমৰ লোকসকলৰ সম্পূৰ্ণ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মেঘালয় চৰকাৰক দাবী জনায়। লগতে অসমৰ লোকসকলক লক্ষ্য কৰি চলোৱা হিংসাত্মক কাৰ্যকলাপক তীব্র ভাষাৰে গৰহণা দি শৃংখল চলিহাই কয়, “অসমৰ লোকৰ ওপৰত আক্ৰমণ হ’লেই এইবাৰ প্ৰত্যাক্ৰমণ হ’ব।”

Leave a Reply

Your email address will not be published. Required fields are marked *