অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা । অসমৰ কেব চালক, বিভিন্ন পৰিবহণ সন্থাৰ তীব্ৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে খানাপাৰা । অসম আৰু মেঘালয়ৰ সংযোগস্থল খানাপাৰা আৰু যোৰাবাটত চালকসকলে পুৱাৰে পৰা অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ।জানিব পৰা মতে পৰ্যটৰ কোনো বাণিজ্যিক বাহনকে মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নাই প্ৰতিবাদকাৰী চালক সন্থাই ।খানাপাৰাৰ পৰাই ঘূৰাই পঠোৱা হৈছে বাহনসমূহ । অসমৰ পৰ্যটকক সদ্যহতে শ্বিলং বা মেঘালয় ভ্ৰমণৰ পৰিকল্পনা স্থগিত ৰাখিবলৈও প্ৰতিবাদকাৰী চালকসকলে আহ্বান জনাইছে । বুধবাৰে শ্বিলঙত সংঘটিত এক ঘটনাৰ পিছতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে । বহিঃৰাজ্যৰ বহু বাহনত সংগঠনটোৱে আক্ৰমণ কৰে । কেৱল বাহনেই নহয় অসমৰ পৰ্যটকৰ ওপৰতো আক্ৰমণ কৰে প্ৰতিবাদকাৰীৰ ৰূপত থকা দুস্কৃতিকাৰীয়ে । অসমৰ পঞ্জীয়নৰ কেইবাখনো ব্যক্তিগত আৰু বাণিজ্যিক বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে শিশুসহ কেইবাগৰাকী পৰ্যটকো আঘাতপ্ৰাপ্ত হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *