উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ চিকিৎসা সেৱা উন্নত কৰাৰ অবিৰত প্ৰচেষ্টা ৰূপে একেৰাহে ছবছৰ ধৰি নিউজ উইকৰ দ্বাৰা ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতিপ্ৰাপ্ত গুৰগাঁওস্থিত মেদাণ্ট – দ্য মেডিচিটীয়ে বৃক্কৰ ৰোগৰ চিকিত্সা আৰু সংৰোপণৰ অভিজ্ঞতা আৰু দক্ষতা গুৱাহাটীলৈ আনি অঞ্চলটোৰ কিছুমান জটিল স্বাস্থ্যসেৱাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটীৰ জি এছ ৰোডত আয়োজিত এক অনুষ্ঠানত মেদাণ্টৰ ইউৰ’লজী, ৰেনাল কেয়াৰ বিভাগৰ অধ্যক্ষ ডাঃ সঞ্জয় গগৈয়ে নেফ্ৰন স্পেৰিং চাৰ্জাৰীৰ বিষয়ে উপস্থিতসকলৰ মাজত ব্যক্ত কৰে– যি কৌশলৰ জৰিয়তে অস্ত্ৰোপচাৰ বিশেষজ্ঞই আক্ৰান্ত বৃক্কৰ পৰা টিউমাৰ এটা উলিয়াই আনে আৰু লগতে কাৰ্যক্ষম বৃক্কৰ যিমান পাৰি সিমানখিনি সংৰক্ষণ কৰে। ইফালে এই অনুষ্ঠানটোত উপস্থিত থকা মেদাণ্টৰ নেফ্ৰ’লজী, ৰেনাল কেয়াৰ বিভাগৰ জ্যেষ্ঠ সঞ্চালক ডাঃ মনীষ জৈনে বৃক্ক সংৰোপণৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰে আৰু এই জটিল পদ্ধতি গ্ৰহণ কৰা চিকিৎসকসকলে জানিবলগীয়া কিছুমান অত্যাৱশ্যকীয় তথ্য সদৰি কৰে। ৰেনাল কেয়াৰৰ ইউৰলজীৰ অধ্যক্ষ ডাঃ সঞ্জয় গগৈয়ে উল্লেখ কৰা যে বৃক্কৰ কৰ্কট ৰোগৰ আটাইতকৈ সাধাৰণ প্ৰকাৰ-ৰেনেল চেল কাৰ্চিনোমা (আৰচিচি) ৰ মানসম্পন্ন চিকিৎসা আছিল সমগ্ৰ আক্ৰান্ত বৃক্ক আঁতৰোৱা কিন্তু ওপৰত উল্লেখ কৰা নেফ্ৰন স্পেয়াৰিং চাৰ্জাৰীয়ে ৰোগীক জীৱনৰ সৰ্বশ্ৰেষ্ঠ সম্ভাৱ্য মানদণ্ড প্ৰদান কৰে। “নেফ্ৰন স্পেয়াৰিং চাৰ্জাৰী ইন লাৰ্জ ৰেনাল মাচ-এ পেৰাডিগম শ্বিফ্ট” শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰি ডাঃ গগৈয়ে লগতে কয় যে, “ৰেনাল ফাংচন সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। যিমান পাৰি, আমি ৰোগীক ডায়েলেচিছৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিওঁ-যিয়ে শৰীৰৰ বিভিন্ন জটিলতা কঢ়িয়াই আনে। ” পৃথকে পৃথকে ৰেনাল কেয়াৰ নেফ্ৰলজীৰ জ্যেষ্ঠ সঞ্চালক ডাঃ মনীষ জৈনে বৃক্ক সংৰোপণৰ জটিলতা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে ব্যাখ্যা কৰে। “বৃক্ক সংৰোপণ-চিকিৎসকসকলৰ মূল বিষয়” শীৰ্ষক বিষয়ত তেওঁ কয় যে, “বৃক্ক সংৰোপণে বৃক্ক বিকল হোৱা ৰোগীসকলক এক ভাল মানদণ্ডৰ জীৱনৰ সৰ্বোত্তম সুযোগ প্ৰদান কৰে।” মেদাণ্ট মাল্টি স্পেচিয়েলিটী অ’পিডি এতিয়া গুৱাহাটীৰ জিএছ ৰেডস্থিত মথুৰা নগৰ, বৰমটৰিয়াস্থিত ছানভেলি হাস্পতালত উপলব্ধ। অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি 7638826770 নম্বৰত ফোন কৰক। Share this:FacebookX Related Post navigation কেঁচা পিয়াজৰ স্বাস্থ্য উপকাৰিতা গড্ৰেজ এগ্ৰ’ভেটে বিশেষ গাহৰিৰ খাদ্যৰ ৰেঞ্জ ‘গড্ৰেজ প্ৰাইড হগ’ মুকলি কৰিছে