দলটোৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকাৰ সময়ছোৱাত দেখুওৱা আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত মাইকেল কেৰিকক মানচেষ্টাৰ ইউনাইটেডৰ স্থায়ী মুখ্য প্ৰশিক্ষক (হেড কোচ) হিচাপে দুবছৰীয়া চুক্তিত নিযুক্তি দিয়া হৈছে।শুকুৰবাৰে ইউনাইটেডে নিশ্চিত কৰে যে ২০১৩ চনত ছাৰ আলেকচ ফাৰ্গুচনে অৱসৰ লোৱাৰ পিছত কেৰিক ক্লাবটোৰ সপ্তমগৰাকী স্থায়ী মেনেজাৰ হিচাপে পৰিগণিত হৈছে।পূৰ্বৱৰ্তী ছিজনত ১৫ নম্বৰ স্থানত থাকি আধুনিক যুগত ক্লাবটোৰ আটাইতকেই বেয়া প্ৰদৰ্শন কৰাৰ পিছত, কেৰিকে ইউনাইটেডক চেম্পিয়নছ লীগৰ বাবে অৰ্হতা অৰ্জন কৰোৱাৰ লগতে প্ৰিমিয়াৰ লীগত তৃতীয় স্থানলৈ উন্নীত কৰে। তেওঁৰ অধীনত ইউনাইটেডে তেওঁলোকৰ ১৬ খন মেচৰ ভিতৰত ১১ খনতে জয়লাভ কৰে আৰু মানচেষ্টাৰ চিটি, আৰ্চেনেল আৰু লিভাৰপুলৰ বিৰুদ্ধে উল্লেখনীয় বিজয় সাৱ্যস্ত কৰে।ইউনাইটেডৰ ডাইৰেক্টৰ অৱ ফুটবল জেচন উইলকক্সে কয় যে কেৰিকে ইতিবাচক ফলাফল কঢ়িয়াই অনাৰ লগতে ক্লাবটোৰ হেৰুৱা পৰিচয় পুনৰুদ্ধাৰ কৰাৰ বাবে এই সুযোগ লাভ কৰাৰ যোগ্য আছিল।ইউনাইটেডৰ প্ৰাক্তন মিডফিল্ডাৰ কেৰিকে তেওঁৰ খেলুৱৈ জীৱনত অ’ল্ড ট্ৰেফৰ্ডত পাঁচটা প্ৰিমিয়াৰ লীগ খিতাপ আৰু ২০০৮ চনৰ চেম্পিয়নছ লীগসহ ১২ টা গুৰুত্বপূৰ্ণ ট্ৰফী জয় কৰিছিল। – এপি (AP) Share this:FacebookX Related Post navigation ২০২৫-২৬ ইউৰোপা লীগৰ চেম্পিয়ন এষ্টন ভিলা পেনাল্টীত জয়ৰ পিছতো আৱেগহীন স্কালোনি: চাইক্লিঙেই তেওঁৰ ধৈৰ্য্যৰ ৰহস্য