প্ৰায় সাত মাহ পূৰ্বে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই নিঃশেষ কৰিছিল এটা পৰিয়ালৰ চাৰিজন সদস্যক। সেই দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত সাক্ষী হিচাপে জীৱন-মৃত্যুৰ সৈতে যুঁজি আছিল কণমানি খুছবু। অৱশেষত বৃহস্পতিবাৰে মৃত্যুক সাৱটি লয় শিশুটিয়েও!

হাস্পতালত চিকিৎসাধীন অৱস্থাত কণমানি খুছবুৰ মৃত্যুৰ লগে লগে নিঃশেষ হৈ গ’ল এটা সম্পূৰ্ণ পৰিয়াল। যোৱা বছৰৰ নৱেম্বৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটিছিল পৰিয়ালটোৰ আন চাৰি সদস্যৰ। ৰাজস্থানৰ আলৱাৰ জিলাৰ ককৰালি অঞ্চলত সংঘটিত হৈছিল এই হৃদয় বিদাৰক ঘটনা।

পৰিয়ালৰ লোকে জনোৱা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত হঠাতে শাৰীৰিক অৱনতি ঘটে খুছবুৰ। শ্বাস-প্ৰশ্বাস অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে শিশুগৰাকীক মৃত ঘোষণা কৰে।

উল্লেখ্য যে, যোৱা বৰ্ষৰ ১ নৱেম্বৰৰ সন্ধিয়া এখন বিয়াৰ অনুষ্ঠানৰ পৰা ঘৰলৈ উভতি আহি থকা সময়তে দুৰ্ঘটনাৰ সন্মুখীন হৈছিল পৰিয়ালটো। মহেন্দ্ৰ জাটৱে পত্নী গুড্ডী দেৱী, পুত্ৰ পূৰ্বাংশ, ভতিজী পায়েল আৰু খুছবুক লৈ মটৰচাইকেলেৰে আহি থকাৰ সময়তে ছঠি মাইল এলেকাত এখন নিয়ন্ত্ৰণহীন দ্ৰুতবেগী থাৰ বাহনে সন্মুখৰ পৰা খুন্দা মাৰে।

সংঘৰ্ষটো ইমানেই প্ৰচণ্ড আছিল যে ঘটনাস্থলীতে মৃত্যু ঘটে মহেন্দ্ৰ জাটৱ, তেওঁৰ তিনি বছৰীয়া পুত্ৰ পূৰ্বাংশ আৰু ১৩ বছৰীয়া ভতিজী পায়েলৰ। গুৰুতৰভাৱে আহত গুড্ডী দেৱীয়ে পিছত চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱায়।

দুৰ্ঘটনাটোত জীৱিত অৱস্থাত উদ্ধাৰ হৈছিল কেৱল খুছবু। মূৰ আৰু শৰীৰত গুৰুতৰ আঘাত পোৱাৰ ফলত শিশুটি পক্ষাঘাতগ্ৰস্ত হৈ পৰিছিল। জয়পুৰৰ ছৱাই মান সিং চিকিৎসালয়ৰ আইচিইউত প্ৰায় এমাহ ধৰি চলিছিল কমণানিটিৰ চিকিৎসা।

স্বাস্থ্যৰ কিছু উন্নতি ঘটাৰ পিছত খুছবুক ঘৰলৈ অনা হয় যদিও নিয়মীয়াকৈ চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা অব্যাহত থাকে। কিন্তু চাৰে সাত মাহ ধৰি চলা সেই দীঘলীয়া সংগ্ৰামৰ অন্তত অৱশেষত থমকি ৰয় শিশুটিৰ জীৱনযুদ্ধ।

এটা পথ দুৰ্ঘটনাই পৰিয়ালটোৰ পাঁচজন সদস্যক একে একে কাঢ়ি নিয়াৰ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *