স্বামীৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি আৰম্ভ হোৱা প্ৰতিবাদী আন্দোলন এইবাৰ উপনীত হৈছে গ্ৰেপ্তাৰলৈ। পশ্চিমবংগৰ ফালতাৰ প্ৰভাৱশালী তৃণমূল নেতা জাহাংগীৰ খানক মুক্ত কৰাৰ উদ্দেশ্যে থানা ঘেৰাও আৰু আৰক্ষীৰ ওপৰত আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ পত্নী ৰেজিনা বিবিক। আৰক্ষীৰ তথ্য অনুসৰি, বিত্তীয় প্ৰৱঞ্চনাসহ একাধিক গুৰুতৰ অপৰাধৰ অভিযোগত পূৰ্বেই গ্ৰেপ্তাৰ হৈছিল জাহাংগীৰ খান। সেই ঘটনাৰ পিছতে ফালতা অঞ্চলত ব্যাপক প্ৰতিবাদ গঢ়ি উঠে আৰু জাহাংগীৰ খানৰ মুক্তিৰ দাবীত বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰা হয়। তদন্তকাৰী সংস্থাই অভিযোগ উত্থাপন কৰিছে যে, উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ মূল পৰিকল্পনাকাৰী আছিল ৰেজিনা বিবি। আৰক্ষীৰ দাবী অনুসৰি, প্ৰতিবাদী সমাৱেশৰ আঁৰত লুকাই আছিল ফালতা থানাৰ লকআপত থকা জাহাংগীৰ খানক জোৰপূৰ্বক মুক্ত কৰি নিয়াৰ এক পৰিকল্পনা। অভিযোগ অনুসৰি, কেইবা হাজাৰ মহিলা, পুৰুষ আৰু শিশুক আগত ৰাখি ফালতা থানা ঘেৰাও কৰা হৈছিল। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাৰ পিছত আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ ওপৰত আক্ৰমণৰ চেষ্টাও চলোৱা হয় বুলি তদন্তকাৰীয়ে সদৰী কৰে। ঘটনাটোৰ পিছতে অভিযান আৰম্ভ কৰে আৰক্ষীয়ে। ইতিমধ্যে ২৫ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তৰ অগ্ৰগতিত ৰেজিনা বিবিৰ নাম পোহৰলৈ অহাৰ পিছত তেওঁকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। আৰক্ষীয়ে জনোৱা মতে, অস্ত্ৰ আইন, বিস্ফোৰক পদাৰ্থ আইন আৰু আন কেইবাটাও গুৰুতৰ ধাৰাত ৰেজিনা বিবিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। সমগ্ৰ ঘটনাটোৰ আঁৰৰ পৰিকল্পনা আৰু জড়িত আন ব্যক্তিসকলৰ বিষয়ে জানিবলৈ তদন্ত অব্যাহত আছে। উল্লেখ্য যে, জাহাংগীৰ খান গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক লৈ এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছিল। সেই ভিডিঅ’ক কেন্দ্ৰ কৰিও অঞ্চলটোত তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইফালে, ৰেজিনা বিবিক আদালতত হাজিৰ কৰোৱাৰ প্ৰস্তুতি চলিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। তদন্তৰ স্বাৰ্থত তেওঁক আৰক্ষী জিম্মালৈ লোৱাৰ আবেদনো জনোৱা হ’ব। Share this:FacebookX Related Post navigation প্ৰতিচ্ছবি মচিলেই জুবিন নাইকিয়া নহয়ঃ জুবিনৰ ছবি মচি দিয়াক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান পবিত্ৰ মাৰ্ঘেৰিটাৰ জীৱন যুদ্ধত পৰাজিত হ’ল কণমানি খুছবুও! প্ৰায় সাত মাহ পূৰ্বে পথ দুৰ্ঘটনাত মৃত্যু ঘটিছিল পৰিয়ালৰ আন ৪ সদস্যৰ