১৭ হাজাৰ ফুট উচ্চতাত উৰি থকা অৱস্থাত নামি অহা প্ৰকৃতিৰ তাণ্ডৱৰ ফলত কথমপি প্ৰাণৰক্ষা পৰিল শতাধিক বিমান যাত্ৰী। পাটনাৰ পৰা লক্ষ্ণৌলৈ যাত্ৰা কৰা ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমানত মাজ আকাশতে প্ৰচণ্ড বজ্ৰপাত পৰাত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় বিমানখনৰ সন্মুখভাগ। পাইলটৰ তাৎক্ষণিক বুদ্ধিমত্তাৰ বাবে লক্ষ্ণৌ বিমানবন্দৰত বিমানখনৰ নিৰাপদ জৰুৰী অৱতৰণ সম্ভৱ হৈ উঠে আৰু কথমপি নিশ্চিত মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰে বিমানখনত থকা ১০৪ গৰাকী যাত্ৰী। সূত্ৰৰ খবৰ অনুসৰি, বুধবাৰে বিয়লি ৩:১০ বজাত পাটনা বিমানবন্দৰৰ পৰা ১০৪ গৰাকী যাত্ৰী লৈ ইণ্ডিগ’ৰ ‘৬ই৯২৫’ নম্বৰৰ বিমানখনে লক্ষ্ণৌ অভিমুখে উৰা মাৰিছিল। নিৰ্ধাৰিত সময় অনুসৰি বিয়লি ৪:২০ বজাত বিমানখন লক্ষ্ণৌত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু গন্তব্যস্থান পোৱাৰ ঠিক কিছু সময় পূৰ্বে আকাশত বিজুলী-ধেৰেকণিৰ সৈতে প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হয়। প্ৰায় ১৭ হাজাৰ ফুট উচ্চতাত উৰি থকাৰ সময়তে হঠাৎ বজ্ৰপাতে আঘাত হানে বিমানখনৰ সন্মুখৰ অংশত। ইফালে, সন্মুখভাগ ক্ষতিগ্ৰস্ত হোৱা সত্ত্বেও পাইলটে পৰিস্থিতি অত্যন্ত ধৈৰ্যৰে নিয়ন্ত্ৰণলৈ আনে। সংকটজনক অৱস্থাৰ মাজতে বিয়লি প্ৰায় ৪:০৫ বজাত লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হয়। বিমানখন অৱতৰণ কৰাৰ লগে লগে সকলো যাত্ৰীক ততাতৈয়াকৈ সুৰক্ষিতভাৱে নমাই অনা হয়। সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো এজন যাত্ৰী বা কৰ্মচাৰী আহত হোৱা নাই। অৱতৰণৰ পিছতে কাৰিকৰী বিজুতিৰ বাবে বিমানখনক লক্ষ্ণৌ বিমানবন্দৰতে আবদ্ধ কৰি ৰখা হয়। সূচী অনুসৰি এই বিমানখনৰে লক্ষ্ণৌৰ পৰা আহমেদাবাদলৈ আন এক সেৱা আগবঢ়োৱাৰ কথা আছিল। পৰৱৰ্তী সময়ত বিমান সংস্থাটোৱে অন্য এখন বিকল্প বিমানৰ ব্যৱস্থা কৰি দিয়ে আৰু সন্ধিয়া প্ৰায় ৬:২২ বজাত ১০৪ গৰাকী যাত্ৰীক আহমেদাবাদ অভিমুখে ৰাওনা কৰোৱা হয়। সম্প্ৰতি অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞৰ দলে ক্ষতিগ্ৰস্ত বিমানখন পৰীক্ষা কৰি আছে। উল্লেখ্য যে, যোৱা ১৯ জুনতো কলকাতা বিমানবন্দৰত আগৰতলা অভিমুখী ইণ্ডিগ’ৰ আন এখন বিমানত অনুৰূপ ধৰণে বজ্ৰপাতে আঘাত হানিছিল, য’ত ১৪১ গৰাকী যাত্ৰী আৰু ৬ গৰাকী বিমান কৰ্মী কথমপি ৰক্ষা পৰিছিল। শেহতীয়া এই ঘটনাটোতো সকলো যাত্ৰী সুকলমে উদ্ধাৰ হোৱাত সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে। Share this:FacebookX Related Post navigation দিল্লীত চাৰিমহলীয়া অট্টালিকা খহি অন্তসত্ত্বা মহিলাসহ তিনিজনৰ কৰুণ মৃত্যু; ধ্বংসস্তূপৰ মাজত উদ্ধাৰ ডেৰ বছৰীয়া শিশুৰ ছিন্নমস্তক মৃতদেহ আইফোন চুৰি কৰি পাছৱৰ্ড বিচাৰি গৰাকীলৈ মেছেজ খোদ চোৰৰ! আৰক্ষীৰ ভূমিকাক লৈ ডেৰাডুনত ক্ষোভ