এতিয়ালৈকে আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰা প্ৰাক্তন চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছে বৃহস্পতিবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) মুখামুখি হ’লে নিজৰ খেলত ধাৰাবাহিকতা বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা আৰু মহেন্দ্ৰ সিং ধোনিৰ সম্ভাৱ্য প্ৰত্যাৱৰ্তনৰ ওপৰত দৃষ্টি ৰাখিব। ৰোহিত (হামষ্ট্ৰিং) আৰু ধোনী (কলফ ষ্ট্ৰেইন) পুনৰ উভতি অহাৰ পথত আছে যদিও এই গুৰুত্বপূৰ্ণ খেলখনৰ বাবে ৱানখেড়ে ষ্টেডিয়ামত খেলপথাৰত নামিব নেকি সেয়া হ’ব লক্ষ্যণীয়। মঙলবাৰে অনুষ্ঠিত হোৱা ঐচ্ছিক অনুশীলনত ৰোহিতে অংশগ্ৰহণ নকৰিলেও চলিত প্ৰতিযোগিতাত এখনো মেচ খেলিব নোৱাৰা ধোনীয়ে অনুশীলন কৰে। ইয়াৰ ফলত তেওঁৰ ইমপেক্ট প্লেয়াৰ হিচাপে ঘূৰি অহাৰ সম্ভাৱনা বৃদ্ধি পায়। এই দুজন প্ৰবীণ খেলুৱৈৰ উভতি অহাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ পাঁচটাকৈ খিতাপ দখল কৰা দুয়োটা দলেই অসংখ্য সমস্যাৰ সৈতে যুঁজি আছে। আন প্ৰতিটো দলৰ দৰেই চি এছ কেয়েও ফৰ্ম আৰু সঠিক সংমিশ্ৰণৰ সন্ধানত প্ৰতিযোগিতাখন আৰম্ভ কৰিছিল যদিও তেওঁলোকে নিজৰ ফৰ্ম বিচাৰি উলিয়াবলৈ আৰম্ভ কৰাৰ লগে লগে যুৱ বেটছমেন আয়ুষ মহাত্ৰেক হামষ্ট্ৰিং ষ্ট্ৰেইনৰ বাবে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ল, যিটো চি এছ কেৰ বাবে এক ডাঙৰ আঘাত। ইয়াৰ ফলত চি এছ কেয়ে নিজৰ বেটিং পুনৰ কৌশল ৰচনা কৰিবলৈ বাধ্য হৈছে। গুজৰাটৰ উইকেটকীপাৰ বেটছমেন উৰভিল পেটেলক মহাত্ৰেৰ সলনি দলত অন্তৰ্ভুক্ত হ’ব পাৰে।ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাজয়ৰ পিছত চি এছ কেয়ে তেওঁলোকৰ সকলো বেটছমেনৰ পৰা শক্তিশালী প্ৰদৰ্শনৰ আশাত অৱতীৰ্ণ হ’ব। পূৰ্বৰ মেচখনত তেওঁলোকৰ মিডল অৰ্ডাৰ বেটছমেনসকলে কম প্ৰদৰ্শন কৰিছিল। বিশেষকৈ অধিনায়ক ঋতুৰাজ গাইকৱাদে মাত্ৰ ৮২ ৰান কৰা হতাশাজনক প্ৰদৰ্শনৰ পিছত ছাৰফৰাজ খানে এতিয়ালৈকে ১৪৭ ৰান সংগ্ৰহ কৰিছে যদিও তেওঁৰ ভাল আৰম্ভণিক ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব পৰা নাই। বহু কথা নিৰ্ভৰ কৰিব সঞ্জু চেমছনৰ ওপৰত (১৯২ ৰান)। এই খেলপথাৰতে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত তেওঁ সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। একেৰাহে দুখন মেচত পৰাজয়ৰ ধাৰা ভাঙিবলৈ আগ্ৰহী হ’ব চি এছ কে। মুম্বাইৰ বিৰুদ্ধে শেহতীয়া অভিলেখৰ পৰা প্ৰেৰণা ল’বলৈ চেষ্টা কৰিব, দুয়োটা দলৰ মাজত যোৱা পাঁচখন মেচৰ ভিতৰত চাৰিখনত জয়লাভ কৰে। বৰ্তমান দুয়োটা দলৰ হাতত আছে চাৰিটাকৈ পইণ্ট। উন্নত নেট ৰান ৰেটৰ বাবে মুম্বাইয়ে চি এছ কেৰ নেতৃত্বত আছে।আহমেদাবাদত তিলক বৰ্মাৰ সুন্দৰ প্ৰদৰ্শনে মুম্বাই ইণ্ডিয়ানছক চাৰিখন মেচৰ পৰাজয়ৰ ধাৰা ভাঙিবলৈ সহায় কৰিছিল যদিও আগন্তুক পথটো এতিয়াও কঠিন হৈয়ে আছে। মুম্বাই ইণ্ডিয়ানছৰ ইংলেণ্ডৰ অল-ৰাউণ্ডাৰ উইল জেকছে দলত যোগদান কৰিছে, আৰু তেওঁৰ প্ৰত্যাৱৰ্তনে দলটোক শক্তিশালী কৰিব। Share this:FacebookX Related Post navigation আঘাতৰ বাবে আই পি এলৰ পৰা বাহিৰ চিএছকেৰ আয়ুষ মহাত্ৰে