ছাৰ্বিয়াৰ টেনিছ তাৰকা নোভাক জক’ভিচে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে থকা তেওঁৰ বন্ধুত্বৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছে। তেওঁ সদৰী কৰে যে কোহলীৰ বাবেই তেওঁ ক্ৰিকটে চাবলৈ আৰম্ভ কৰিছে। ইয়াৰ লগতে তেওঁ যেতিয়া ভাৰত ভ্ৰমণ কৰিব, তেতিয়া এই দুই কিংবদন্তি খেলুৱৈৰ মাজত টেনিছ আৰু ক্ৰিকেটৰ এক ‘ক্ৰছঅভাৰ’ মেচত ভাগ লোৱাৰ ইচ্ছা প্ৰকাশ কৰে।
যোৱা বছৰ ৭ জুলাইত উইম্বলডন ২০২৫-ত পত্নী অনুষ্কা শৰ্মাৰ সৈতে কোহলীয়ে ডকোভিচৰ অষ্ট্ৰেলিয়াৰ অ্যালেক্স ডি মিনাৰৰ বিৰুদ্ধে খেলা ৰোমাঞ্চকৰ ১৬ সংখ্যক ৰাউণ্ডৰ খেলখন উপভোগ কৰিছিল। পিছত জক’ভিচে ইনষ্টাগ্ৰামত কোহলীৰ বাবে এক বিশেষ বাৰ্তা লিখিছিল, য’ত তেওঁ লিখিছিল, “কি যে এখন খেল আছিল। গ্লাডিয়েটৰৰ দৰেই সদায় নিজৰ কামত ব্যস্ত। বিৰাট মোৰ এজন বন্ধু আৰু এনে এজন ব্যক্তি যাক মই সঁচাকৈয়ে সন্মান আৰু শ্ৰদ্ধা কৰোঁ। সঁচা ক’বলৈ গ’লে, মই ক্ৰিকেট অনুসৰণ কৰিবলৈ আৰম্ভ কৰাৰ কাৰণ তেওঁৱেই। আশা কৰোঁ তেওঁ আহিব আৰু আমি অলপ টেনিছ আৰু অলপ ক্ৰিকেট খেলি অলপ ফুৰ্তি কৰিব পাৰিম। ইতিবাচক শক্তি আৰু আনন্দ বিলাই খেলক একেলগে উদযাপন কৰিব পাৰিম।” লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ডছৰ সময়ত জক’ভিচৰ উদ্ধৃতিৰে টাইমছ নাও-এ এই কথা প্ৰকাশ কৰিছে।
যোৱা বছৰৰ মে’ মাহত যেতিয়া কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল, তেতিয়া ২৪ বাৰৰ গ্ৰেণ্ড শ্ল্যাম বিজয়ী জক’ভিচে এই বেটিং তাৰকাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছিল। তেওঁ কোহলীৰ অৱসৰৰ পোষ্টটো নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখিছিল, “অবিশ্বাস্য ইনিংছ @virat.kohli।”
জক’ভিচে তেওঁৰ ভাৰতীয় অনুৰাগীসকলৰ বাবেও এটা আন্তৰিক বাৰ্তা শ্বেয়াৰ কৰিছে, য’ত তেওঁ বিশ্বজুৰি লাভ কৰা “মৰম, সন্মান আৰু প্ৰশংসা”ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।
তেওঁ লগতে কয়, “মোৰ বাৰ্তা সদায় মৰম আৰু সন্মানৰ। প্ৰথমতে, ইমান বছৰ ধৰি মই ব্যক্তিগতভাৱে সকলো ভাৰতীয় টেনিছ অনুৰাগী আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ পৰা যি সমৰ্থন লাভ কৰিছোঁ, তাৰ বাবে মই কৃতজ্ঞ। এই সময়ছোৱাত মই বহুতকে লগ পাইছোঁ। আৰু মোৰ বাৰ্তা হ’ব ‘মই অতি সোনকালে ভাৰতত আপোনালোকক লগ পাম’, কাৰণ যোৱা কেইবছৰমান ধৰি মই ভাৰতলৈ যাবলৈ এক বিশেষ টান অনুভৱ কৰিছোঁ। গতিকে মই সঁচাকৈয়ে আশা কৰোঁ যে মই ভাৰতলৈ আহি কিবা এটা অনুষ্ঠান কৰিব পাৰিম বা এখন খেল খেলিব পাৰিম। মই সঁচাকৈয়ে ভাৰতীয় মানুহৰ অতি ঘনিষ্ঠ অনুভৱ কৰোঁ।”

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *