দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বুধবাৰে হ’বলগীয়া তৃতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতীয় মহিলা দলে বিজয়ৰ পথলৈ ঘূৰি আহিবলৈ সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু হৈছে। এই ক্ষেত্ৰত দলৰ উপ-অধিনায়ক স্মৃতি মান্ধনা আৰু জ্যেষ্ঠ অলৰাউণ্ডাৰ দীপ্তি শৰ্মাই নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাটো দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব।প্ৰটিয়া মহিলা দলটোৱে পাঁচখনীয়া শৃংখলাটোত ইতিমধ্যে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে আৰু ‘বুল ৰিং’ত হ’বলগীয়া তৃতীয়খন খেলতে শৃংখলাটো দখল কৰাৰ লক্ষ্য ৰাখিছে।দলৰ আটাইতকৈ প্ৰভাৱশালী বেটাৰ হিচাপে পৰিচিত মান্ধনাই প্ৰথম দুখন খেলত মাত্ৰ ১৩ আৰু ১২ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় দলে প্ৰথম দুখন খেলত যথাক্ৰমে ১৫৭ আৰু ১৪৭ ৰাণৰ এক নিৰাশাজনক লক্ষ্য বান্ধি দিছিল, যিটো ঘৰুৱা দলটোৱে অতি সহজতে অতিক্ৰম কৰিছিল।দীপ্তি শৰ্মাৰ ফৰ্ম অধিক চিন্তাজনক বিষয় হৈ পৰিছে। প্ৰথমখন খেলত তেওঁক ৯ নম্বৰ স্থানলৈ নমাই দিয়া হৈছিল য’ত তেওঁ ১ ৰাণ কৰি অপৰাজিত আছিল। দ্বিতীয়খন খেলত তেওঁক ৬ নম্বৰ স্থানলৈ পদোন্নতি দিয়া হৈছিল যদিও পুনৰ মাত্ৰ ১ ৰাণ কৰিয়েই বিদায় লয়। ইয়াৰ উপৰি দুয়োখন খেলতে তেওঁ এটাও উইকেট দখল কৰিব পৰা নাই।ভাৰতীয় বেটিং বিভাগ বহুখিনি মান্ধনাৰ শক্তিশালী আৰম্ভণিৰ ওপৰত নিৰ্ভৰশীল। এইগৰাকী আটিল বাঁওহতীয়া বেটাৰে প্ৰথম দুখন খেলৰ দুৰ্বল প্ৰদৰ্শন পাহৰি সুন্দৰকৈ উভতি আহিব বিচাৰিব। অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু জেমিমাহ ৰড্ৰিগেজে প্ৰথমখন খেলত কিছু ৰাণ পাইছিল যদিও দ্বিতীয়খন খেলত বিফল হয়।ইংলেণ্ডত হ’বলগীয়া টি-২০ বিশ্বকাপলৈ মাত্ৰ কেইমাহমান বাকী থকা অৱস্থাত, হৰমনপ্ৰীত আৰু তেওঁৰ দলটোৱে শৃংখলাত জয়ৰ সোৱাদ লৈ মনোবল বৃদ্ধি কৰিব বিচাৰিব। ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ইনিংছৰ শেষৰ ফালে দ্ৰুতবেগী বেটিং বা পাৱাৰ-হিটিঙৰ অভাৱ, যাৰ বাবে দুয়োখন খেলত দলটোৱে আশানুৰূপ ৰাণ সংগ্ৰহ কৰাত বিফল হৈছে।খেলৰ সময়: ভাৰতীয় সময় অনুসৰি নিশা ৯:৩০ বজাত। Share this:FacebookX Related Post navigation ‘বিৰাট মোৰ বন্ধু, তেওঁৰ বাবেই ক্ৰিকেট চাবলৈ ল’লোঁ’: নোভাক জক’ভিচ