বুধবাৰে নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়ামত অনুষ্ঠিত নৱ কমল ভূঞা সোঁৱৰণী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা, ২০২৬ (প্লেট গ্ৰুপ)-ৰ এখন খেলত ডিমা হাচাওৰ বিৰুদ্ধে কাৰ্বি আংলঙে সাত উইকেটত এক সহজ জয় সাব্যস্ত কৰে।
প্ৰথমে বেটিং কৰি ডিমা হাচাওৰ দলটোৱে ২০.৪ অভাৰত মাত্ৰ ৮০ ৰাণতে অল আউট হয়। দলটোৰ হৈ প্ৰণৱ লাংথাছাই ১৭ ৰাণ আৰু অনুপ ভূজেলে ১৪ ৰাণ সংগ্ৰহ কৰে। কাৰ্বি আংলঙৰ হৈ সৌৰভ বৰ্মন, অবিনাশ তিৱাৰী আৰু নয়ন হাজৰিকাই দুটাকৈ উইকেট দখল কৰে।
প্ৰত্যুত্তৰত কাৰ্বি আংলঙে ৩ টা উইকেট হেৰুৱাই ৮৩ ৰাণ সংগ্ৰহ কৰি লক্ষ্যত উপনীত হয়। অবিনাশ তিৱাৰীয়ে ২৭ ৰাণ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে অনিল শৰ্মাই ২০ ৰাণৰ বৰঙণি আগবঢ়ায়।
ইয়াৰ পূৰ্বে কাৰ্বি আংলং আৰু লক্ষীপুৰৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল।
আনহাতে, উদ্বোধনী খেলখনত আয়োজক হাইলাকান্দিয়ে ডিমা হাচাওক ৭৭ ৰাণত পৰাস্ত কৰে। হাইলাকান্দিয়ে নিৰ্ধাৰিত ২১ অভাৰত ৮ টা উইকেট হেৰুৱাই ২১৩ ৰাণ সংগ্ৰহ কৰিছিল। দলটোৰ হৈ কবীৰ আহমেদে ৬১ ৰাণ আৰু বিভাভূষণ নন্দীয়ে ৪৩ ৰাণ কৰে। ইয়াৰ বিপৰীতে ডিমা হাচাওৱে ৭ টা উইকেট হেৰুৱাই ১৩৬ ৰাণহে কৰিবলৈ সক্ষম হয়।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *