চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ বেটছমেন আয়ুষ মহাত্ৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ চলিত ছিজনৰ বাকী মেচসমূহৰ পৰা বাহিৰ হৈছে। আঘাতৰ বাবে বাকী থকা মেচৰ পৰা বাহিৰ হোৱাৰ ফলত পাঁচবাৰৰ চেম্পিয়ন দলটোৰ বাবে এক ডাঙৰ আঘাত হৈ পৰিছে। যোৱা ১৮ এপ্ৰিলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে চি এছ কেৰ পূৰ্বৰ মেচত আঘাতপ্ৰাপ্ত হোৱা মহাত্ৰে ছয়ৰ পৰা ১২ সপ্তাহৰ পুনৰ্বাসনত থাকিব।

চি এছ কেয়ে ছ’চিয়েল মিডিয়াত কয় যে ১৮ এপ্ৰিলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলৰ সময়ত বেটিং কৰাৰ সময়ত বাওঁফালৰ হামষ্ট্ৰিঙৰ ষ্ট্ৰেইনৰ বাবে আয়ুষ মাহত্ৰে আই পি এল ২০২৬ৰ বাকী অংশৰ পৰা বাহিৰ হৈছে। ফ্ৰেঞ্চাইজিটোৱে লগতে কয় যে আঘাতৰ পৰা সুস্থ হ’বলৈ আয়ুষক ছয়ৰ পৰা ১২ সপ্তাহৰ পুনৰ্বাসন কৰিব লাগিব। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ইমপেক্ট প্লেয়াৰ হিচাপে খেলপথাৰত নামিল ১৮ বছৰীয়া বেটছমেনগৰাকীয়ে।

হামষ্ট্ৰিং ষ্ট্ৰেইনৰ বাবে তেওঁৰ বৰ অস্বস্তি অনুভৱ হৈছিল। ছানৰাইজাৰ্ছে ১০ ৰানত জয়লাভ কৰে। মহাত্ৰেক অন-ফিল্ড চিকিৎসা প্ৰদান কৰা হৈছিল। এই ছিজনত ৬খন মেচত ১৭৭.৮৭ ষ্ট্ৰাইক ৰেটত ২০১ ৰান সংগ্ৰহ কৰিছে মহাত্ৰেই। সেই ছখন মেচৰ ভিতৰত এতিয়ালৈকে চাৰিখনত পৰাস্ত হোৱা চি এছ কে পইণ্ট তালিকাত অষ্টম স্থানত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *