ফ্ৰান্স আৰু ভাৰতৰ মাজৰ যুটীয়া সামৰিক অনুশীলন শক্তি এডিছনত ব্ৰিগেড পৰ্যায়ৰ কমাণ্ড বিষয়া, বায়ুসেনা আৰু নৌসেনাৰ পৰ্যবেক্ষকে অংশগ্ৰহণ কৰিব। এই শক্তি সংস্কৰণৰ লক্ষ্য হৈছে দুয়োখন দেশৰ সশস্ত্ৰ বাহিনীৰ মাজত আন্তঃকাৰ্যক্ষমতা আৰু সহযোগিতা উন্নত কৰা। ভাৰত আৰু ফ্ৰান্সৰ মাজত সামুদ্ৰিক সুৰক্ষা, প্ৰতিৰক্ষা সহযোগিতা, সন্ত্ৰাসবাদ দমন, তথ্য বিনিময়কে ধৰি শক্তিশালী সামৰিক সম্পৰ্ক আছে। দুয়োখন দেশে নিয়মিতভাৱে নৌ আৰু বায়ুসেনাৰ অনুশীলন কৰে, আগষ্ট মাহত ভাৰতৰ ‘তৰং শক্তি’ যুদ্ধ বিমানৰ অনুশীলনত ফ্ৰান্সৰ বায়ুসেনাই অংশগ্ৰহণ কৰিব। ভাৰতস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মাথৌৱে দুয়োখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু কৌশলগত স্বতন্ত্ৰতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১৯৪৭ চনত ফ্ৰান্স আৰু ভাৰতৰ মাজত আনুষ্ঠানিকভাৱে কূটনৈতিক সম্পৰ্ক স্থাপনৰ পিছৰে পৰা পাৰস্পৰিক আস্থাই লাভ কৰা নতুন মাত্ৰাৰ বিষয়ে আলোকপাত কৰে। ‘মেঘালয়ৰ উমৰয়ত ভাৰত আৰু ফ্ৰান্সে শক্তি যৌথ সামৰিক অনুশীলনৰ ৭ম সংস্কৰণ আৰম্ভ কৰিছে, ভৱিষ্যতে যৌথ অনুশীলনৰ জৰিয়তে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাক শক্তিশালী কৰাৰ লক্ষ্যৰে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু নিৰাপত্তা বৃদ্ধিৰ প্ৰয়াস কৰিব’ বুলি মন্তব্য কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মাথৌৱে। দেশৰ চিফ অৱ ডিফেন্স ষ্টাফ(চিডিএছ) জেনেৰেল অনিল চৌহানৰ শেহতীয়া ফ্ৰান্স ভ্ৰমণৰ পিছতে ১৪ দিনীয়া এই অনুশীলন আৰম্ভ হৈছে, এই যুটীয়া অনুশীলনৰ লক্ষ্য হৈছে যিকোনো পৰিস্থিতিতে মাল্টি-ডমেইন অভিযানৰ বাবে যুটীয়া সামৰিক ক্ষমতা বৃদ্ধি কৰা। এই অনুশীলনত ৰাজপুত ৰেজিমেণ্ট আৰু ফ্ৰান্সৰ ত্ৰয়োদশ ফৰেইন লিজন হাফ ব্ৰিগেডে অংশ লৈছে, যি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তাত্ক্ষণিক প্ৰত্যাহ্বান, যুটীয়া কমাণ্ড আৰু চোৰাংচোৱা কেন্দ্ৰ স্থাপন, হেলিবৰ্ণ অপাৰেচন আৰু ড্ৰোন ব্যৱহাৰৰ দৰে কৌশলগত ব্যৱস্থাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। Share this:FacebookX Related Post navigation ৰহাৰ পচলাবড়ীত নিশা চোৰৰ আতংক ডিএছপি মিউচুৱেল ফাণ্ডে ডিএছপি নিফটি বেংক ইণ্ডেক্স ফাণ্ড মুকলি কৰিছে