শত্ৰুৰ হাতত ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ অতি গোপন তথ্য তুলি দি জালত পৰিল ভাৰতীয় বায়ুসেনাৰ এজন বিষয়া। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ সৈতে জড়িত সংবেদনশীল তথ্য ফাদিল কৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ বিশেষ শাখাই এগৰাকী উইং কামাণ্ডাৰক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি, সামাজিক মাধ্যমৰ জৰিয়তে এগৰাকী মহিলাৰ সৈতে বিষয়াগৰাকীৰ যোগাযোগ আৰম্ভ হৈছিল। কিছুদিনৰ ভিতৰতে দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়ে আৰু ভিডিঅ’ কলকে ধৰি বিভিন্ন ডিজিটেল মাধ্যমত নিয়মীয়াকৈ যোগাযোগ চলিবলৈ ধৰে। এইদৰে বিশ্বাসৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছত মহিলাগৰাকীয়ে সামৰিক ইউনিটৰ গতিবিধি আৰু মোতায়েন সম্পৰ্কীয় ফটো, ভিডিঅ’ আৰু তথ্য বিচৰা আৰম্ভ কৰে।

তদন্ত আগবঢ়াৰ লগে লগে বিষয়াগৰাকীয়ে মহিলাগৰাকীৰ সৈতে গুৰুত্বপূৰ্ণ নথি আৰু তথ্য ভাগ-বতৰা কৰাৰ অভিযোগো পোহৰলৈ আহে। ইয়াৰ পিছত সহকৰ্মীৰ ম’বাইল ফোনত এটা বিশেষ এপ্লিকেচন ইনষ্টল কৰিবলৈ তেওঁক কোৱা হয়। আৰক্ষীৰ মতে, এপ্লিকেচনটোৰ জৰিয়তে ম’বাইলৰ তথ্য চুৰি কৰা, অৱস্থান নিৰীক্ষণ কৰা আৰু যোগাযোগৰ তথ্য আহৰণ কৰা সম্ভৱ।

ভাৰতীয় বায়ুসেনাৰ চোৰাংচোৱা শাখাই এই সন্দৰ্ভত দিল্লী আৰক্ষীক নিৰ্দিষ্ট তথ্য যোগান ধৰাৰ পিছতে মে’ মাহৰ ৩১ তাৰিখে নিশা বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে বিশেষ শাখাই। প্ৰথমে আৰক্ষীৰ জিম্মাত ৰখা বিষয়াগৰাকীক পৰৱৰ্তী সময়ত তিহাৰ জেইললৈ ন্যায়িক জিম্মাত প্ৰেৰণ কৰা হয়। গোপন প্ৰতিৰক্ষা তথ্য আৰু নথি প্ৰেৰণৰ অভিযোগত চৰকাৰী গোপনীয়তা আইনৰ অধীনত গোচৰ ৰুজু কৰে আৰক্ষীয়ে।

ইফালে, তদন্তকাৰী সংস্থাই যোগাযোগ কৰা মহিলাগৰাকীৰ পাকিস্তানস্থিত চোৰাংচোৱা চক্ৰৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰিছে। বিষয়াগৰাকীৰ সামাজিক মাধ্যমৰ যোগাযোগ আৰু ম’বাইল ফোনৰ তথ্য পৰীক্ষা কৰাৰ লগতে সন্দেহজনক এপ্লিকেচনটোৰ ব্যৱহাৰক লৈও তদন্ত চলাই আছে বিশেষ শাখাই। এই ঘটনাৰ আঁৰত থকা সমগ্ৰ নেটৱৰ্ক আৰু ফাদিল হোৱা সংবেদনশীল তথ্যৰ পৰিসৰ নিৰ্ধাৰণৰ বাবেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *