বান শাম কাটিলেও এতিয়াও অন্ত পৰা নাই বানে সৃষ্টি কৰা বিভীষিকা! উজনি অসমত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিৰ মাজতে আৰু এজন লোকৰ মৃত্যু হোৱাত চলিত বৰ্ষৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ বৃদ্ধি পাইছে। চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰত সংঘটিত হৈছে শেহতীয়া মৃত্যুৰ ঘটনা। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, শুকুৰবাৰে বানপীড়িত জিলাৰ সংখ্যা ১৫খনৰ পৰা ১৩খনলৈ হ্ৰাস পাইছে। একেদৰে বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যাও ১.৬৮ লাখৰো অধিকৰ পৰা ১,৫৫,৮৪৯ জনলৈ কমিছে। শিৱসাগৰ, গোলাঘাট, নগাঁও, হোজাই, শোণিতপুৰ, ধেমাজি, দৰং, বিশ্বনাথ, কামৰূপ মহানগৰ, লখিমপুৰ, ওদালগুৰি, যোৰহাট আৰু চৰাইদেউ জিলাত এতিয়াও বানৰ প্ৰভাৱ অব্যাহত আছে। বৰ্তমান ৩৩টা ৰাজহ চক্ৰৰ ৪৬৪খন গাঁও বানৰ কবলত আছে। গোলাঘাটত সৰ্বাধিক ৫৮,৭৫০জন লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পিছতে শিৱসাগৰত ৪৮,২৮৬জন আৰু যোৰহাটত ২৫,২৫৯জন লোক বানৰ কবলত আছে। বানপীড়িত লোকৰ বাবে ৫৫টা সাহায্য শিবিৰ চলি থকাৰ লগতে ১০ হাজাৰৰো অধিক লোকে শিবিৰসমূহত আশ্ৰয় লৈছে। ইয়াৰ উপৰি ১৮টা সাহায্য বিতৰণ কেন্দ্ৰও কাৰ্যক্ষম হৈ আছে। ইফালে, গোলাঘাট চহৰ আৰু নুমলীগড়ত এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে ধনশিৰি নদীৰ পানী। শ্ৰীভূমি জিলাত কুশিয়াৰা নদীৰ পানীও বিপদসীমা অতিক্ৰম কৰিছে। বানত ১০,৭৪৮.৬৪ হেক্টৰ কৃষিভূমি জলমগ্ন হোৱাৰ লগতে ৪৭ হাজাৰৰো অধিক পশুধন ক্ষতিগ্ৰস্ত হৈছে। কেইবাখনো জিলাত পথ, দলং আৰু বাসগৃহকে ধৰি আন্তঃগাঁথনিৰো ক্ষতি হৈছে। Share this:FacebookX Related Post navigation পাকিস্তানী চোৰাংচোৱাক ভাৰতৰ গোপন প্ৰতিৰক্ষা তথ্য যোগান; গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কামাণ্ডাৰ বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথক কেন্দ্ৰৰ সেউজ সংকেত; ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা