অভিমান কৰি অসমৰ পিতৃগৃহলৈ গুচি অহা পত্নী আৰু কন্যা সন্তানক লগ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল এজন বাংলাদেশী নাগৰিক। অবৈধভাৱে ভাৰতত অনুপ্ৰৱেশ কৰাৰ অভিযোগত হাইলাকান্দিত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাংলাদেশী নাগৰিকজনক। ধৃত বাংলাদেশীজনক শ্ৰীহট্ট জিলাৰ ছাহেদ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, প্ৰায় আঠ বছৰ পূৰ্বে হাইলাকান্দি জিলাৰ জমিৰা গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ছাহেদ আহমেদ। বিবাহৰ পিছত বাংলাদেশতে একেলগে বসবাস কৰিছিল দম্পতীহালে। তেওঁলোকৰ এটি কন্যা সন্তানো আছে।

শেহতীয়াকৈ পাৰিবাৰিক মনোমালিন্যৰ পিছত পত্নীয়ে কন্যা সন্তানটিক লগত লৈ হাইলাকান্দিস্থিত পিতৃগৃহলৈ উভতি আহে। ইয়াৰ পিছতে পত্নী আৰু কন্যাক ঘৰলৈ ওভতাই নিয়াৰ উদ্দেশ্যে ছাহেদে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰে।

স্থানীয় লোকৰ তথ্য অনুসৰি, পত্নীক বুজাই-বঢ়াই পুনৰ বাংলাদেশলৈ নিয়াৰ চেষ্টা চলাইছিল ছাহেদে। বিষয়টো জানিব পাৰি শহুৰেকৰ পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভ কৰাৰ পিছতে অভিযান চলাই ছাহেদ আহমেদক আটক কৰে আৰক্ষীয়ে। পিছত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত বাংলাদেশী নাগৰিকজন কেনেদৰে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিলে আৰু এই ঘটনাৰ সৈতে আন কোনো লোক জড়িত আছে নে নেকি, সেই দিশতো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *