মোৰ দেহত ভাৰতৰ ডিএনএ আছে। – এই মন্তব্য কৰি ভাৰতৰ সৈতে নিজৰ আত্মীয়তাৰ অনুভূতি প্ৰকাশ কৰে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবোৱ’ ছুবিয়ান্তোৱে। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একাধিক চৰকাৰী আঁচনি অনুসৰণ কৰি ইণ্ডোনেছিয়াই সুফল লাভ কৰা বুলিও তেওঁ মুকলিকৈ স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইণ্ডোনেছিয়া ভ্ৰমণ উপলক্ষে ভাৰতীয় প্ৰবাসীসকলৰ সৈতে মত বিনিময়ৰ সময়ত এই মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ কয় যে তেওঁ জিনগত পৰীক্ষা কৰাইছিল আৰু সেই পৰীক্ষাত নিজৰ শৰীৰত ভাৰতীয় ডিএনএৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ লগতে ছুবিয়ান্তোৱে কয় যে ভাৰতীয় সংগীত শুনিলেই তেওঁৰ শৰীৰ নিজে নিজেই নাচিবলৈ আৰম্ভ কৰে। তেওঁৰ বহু মন্ত্ৰী আৰু সেনা বিষয়াইও ভাৰতীয় গীত ভালদৰে গাব পাৰে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পিছত মোদীক উদ্দেশ্যি ছুবিয়ান্তোৱে কয় যে ভাৰতৰ উন্নয়ন যাত্ৰা তেওঁ বহুদিন ধৰি অনুসৰণ কৰি আহিছে। ভাৰতত সফল হোৱা বহু চৰকাৰী আঁচনি তেওঁ ইণ্ডোনেছিয়াতো ৰূপায়ণ কৰিছে আৰু সেই পদক্ষেপসমূহে ইতিমধ্যে ইতিবাচক ফল দিছে।। তেওঁ কয়, ”এই কথা স্বীকাৰ কৰিবলৈ মোৰ কোনো সংকোচ নাই। আপোনাৰ বহু কাৰ্যসূচী মই অনুসৰণ কৰিছোঁ।” ভাৰত আৰু ইণ্ডোনেছিয়া বিশ্বৰ দুখন বৃহত্তম গণতান্ত্ৰিক দেশ বুলি উল্লেখ কৰি ছুবিয়ান্তোৱে কয় যে বৃহৎ জনসংখ্যা, কৃষিনিৰ্ভৰ অৰ্থনীতি আৰু প্ৰাকৃতিক দুৰ্যোগৰ দৰে বহু প্ৰত্যাহ্বান দুয়োখন দেশৰ সন্মুখত একে। এনে পৰিস্থিতিৰ মাজতো ভাৰতৰ উন্নয়ন তেওঁৰ দেশৰ বাবে শিক্ষণীয়। ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰো প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যত শান্তিপূৰ্ণভাৱে চৰকাৰ গঠন আৰু পৰিৱৰ্তন হোৱাটো এক উল্লেখযোগ্য সাফল্য। ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ পৰা ইণ্ডোনেছিয়াই বহু শিক্ষা গ্ৰহণ কৰি আছে। ইফালে, মঙলবাৰে জাকাৰ্টাত ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘বিন্তাং আদিপুৰ্ণা’ পদকেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মানিত কৰে ৰাষ্ট্ৰপতি প্ৰাবোৱ’ ছুবিয়ান্তোৱে। সন্মান গ্ৰহণ কৰি মোদীয়ে এই বঁটা সমগ্ৰ ভাৰতবাসীক উৎসৰ্গা কৰে। Share this:FacebookX Related Post navigation বংগত এনকাউণ্টাৰ! আৰক্ষীৰ বন্দুক কাঢ়ি পলায়নৰ চেষ্টাৰ সময়তে নিহত নাবালিকা ধৰ্ষণ আৰু হত্যা গোচৰৰ অভিযুক্তৰ