উত্তৰ-পূৰ্বাঞ্চলত চলি থকা ধাৰাবাহিক বৰষুণৰ ফলত সৃষ্টি হ’ব পৰা সম্ভাব্য বান পৰিস্থিতিক লৈ শুকুৰবাৰে এক নতুন সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় জল আয়োগে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি অহা ৪ মে’ পৰ্যন্ত অঞ্চলটোত ধাৰাবাহিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ১ মে’ৰ পৰা ৬ মে’ৰ ভিতৰত উত্তৰ-পূবৰ প্ৰধান নদী আৰু উপনদীসমূহৰ জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে। কেন্দ্ৰীয় জল আয়োগৰ এই সতৰ্কবাণীৰ পাছতে অসমৰ বিভিন্ন জিলাৰ লগতে বৰাক উপত্যকাটো প্ৰশাসনিক তৎপৰতা বৃদ্ধি পাইছে। জল আয়োগৰ তথ্য অনুসৰি শোণিতপুৰ জিলাৰ জীয়াভৰলী নদীৰ জলস্তৰ বিপদজনকভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। একেদৰে ব্ৰহ্মপুত্ৰ নদীৰ পানী যোৰহাট, ডিব্ৰুগড়, গোৱালপাৰা, শোণিতপুৰ আৰু ধুবুৰী জিলাত বৃদ্ধি পাব পাৰে। বৰাক উপত্যকাৰ কাছাৰ আৰু কৰিমগঞ্জ জিলাত বৰাক নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগতে কুশিয়াৰা আৰু কাটাখাল নদীৰ পাৰৰ বসতি অঞ্চলসমূহ বানৰ কৱলত পৰাৰ আশংকা কৰা হৈছে। সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনসমূহক নদীৰ জলস্তৰৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। অসমৰ উপৰি ত্ৰিপুৰাৰ চৰকাৰী বিভাগসমূহকো পৰৱৰ্তী দুই-তিনিদিনৰ বাবে হাই এলাৰ্টত থাকিবলৈ কেন্দ্ৰীয় সংস্থাই পৰামৰ্শ দিছে। ৰাজ্যখনৰ মুহুৰী, বুৰিমা, গুমতী, খোৱাই, মনু, হাওৰা আৰু জুৰি নদীৰ পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিশেষকৈ বানপ্ৰৱণ আৰু নামনি অঞ্চলসমূহত আগতীয়াকৈ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনা বিভাগক জনোৱা হৈছে। ধাৰাবাহিক বৰষুণে স্বাভাৱিক জীৱনযাত্ৰাত প্ৰভাৱ পেলোৱাৰ আশংকাই এতিয়া সমগ্ৰ অঞ্চলটোত এক উদ্বেগজনক পৰিৱেশৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation জবলপুৰত শোকাবহ দুৰ্ঘটনা; বৰগী বান্ধত ক্ৰুইজ ডুবি ৪ জনৰ মৃত্যু, ১২ জন সন্ধানহীন নিৰ্বাচনী ফলাফলৰ পূৰ্বেই বিপৰ্যয়! একে কোবে ৯৩৩ টকা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য