নিৰ্বাচন শেষ হোৱাৰ লগে লগেই পুনৰ মূল্যবৃদ্ধিৰ জুইয়ে দহিবলৈ আৰম্ভ কৰিছে সাধাৰণ জনতাক। ৪ মে’ৰ ভোটগণনাৰ পূৰ্বেই এইবাৰ একে কোবে ৯৩৩ টকা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।

বিশ্ব বজাৰত অপৰিশোধিত তেলৰ দাম বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক তেল কোম্পানীসমূহে মাহৰ প্ৰথম দিনটোতে এই মূল্যবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত দিল্লীত বৰ্তমান এটা ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৩,০৭১.৫০ টকালৈ বৃদ্ধি পাইছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্ৰেন্ট ক্ৰুডৰ মূল্য বৰ্তমান প্ৰতি বেৰেলত ১২৬ মাৰ্কিন ডলাৰ হৈছেগৈ। ভূ-ৰাজনৈতিক সংঘাতৰ বাবে ইন্ধন যোগান ব্যাহত হোৱাৰ ফলত অপৰিশোধিত তেলৰ মূল্য প্ৰায় ৬০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে, যোৱা ১ এপ্ৰিলতো ১৯ কেজিৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১৯৫.৫০ টকা বৃদ্ধি কৰা হৈছিল। ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড, ভাৰত পেট্ৰ’লিয়াম আৰু হিন্দুস্তান পেট্ৰ’লিয়ামে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংগতি ৰাখি প্ৰতিমাহৰ প্ৰথম দিনটোতে ৰন্ধন গেছ আৰু বিমানৰ ইন্ধনৰ মূল্য সংশোধন কৰে।

বাণিজ্যিক চিলিণ্ডাৰৰ দাম আকাশলংঘী হ’লেও ঘৰুৱা ব্যৱহাৰৰ গেছৰ মূল্য বৰ্তমান অপৰিৱৰ্তিত আছে। দিল্লীত বৰ্তমান ১৪.২ কেজিৰ এটা ঘৰুৱা চিলিণ্ডাৰৰ দাম ৯১৩ টকা হৈ আছে। ইণ্ডিয়ান অইলে স্পষ্ট কৰি দিছে যে সাধাৰণ গ্ৰাহকক সকাহ দিবলৈ পেট্ৰ’ল, ডিজেল আৰু ঘৰুৱা চিলিণ্ডাৰৰ মূল্য স্থিৰ কৰি ৰখা হৈছে। প্ৰায় ৮০ শতাংশ পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্যত কোনো সালসলনি কৰা হোৱা নাই। কেৱল উদ্যোগিক খণ্ডত ব্যৱহৃত সামগ্ৰী যেনে বাণিজ্যিক চিলিণ্ডাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ ইন্ধনৰ ক্ষেত্ৰতহে এই মূল্যবৃদ্ধি সীমাবদ্ধ ৰখা হৈছে। চৰকাৰী প্ৰতিষ্ঠানটোৱে এই পদক্ষেপক বিশ্ব বজাৰৰ সৈতে ভাৰসাম্য ৰক্ষাৰ এক প্রয়াস বুলি অভিহিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *