আদালতৰ ভুৱা চহী আৰু নথিপত্ৰৰে আইনৰ সুৰুঙা বিচাৰি কাৰাগাৰৰ পৰা পলায়ন ১৬ জনতকৈ অধিক কয়দীৰ। মিজোৰামৰ লুংলেই কাৰাগাৰত বন্দী হৈ থকা এই অপৰাধীৰ দলটোৱে যোৱা চাৰি মাহ ধৰি অতি পৰিকল্পিতভাৱে ভুৱা আদালতৰ নিৰ্দেশ ব্যৱহাৰ কৰি মুকলি আকাশৰ তললৈ ওলাই অহাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। লুংলেই জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ বিষয়াসকলে একাংশ কয়দীৰ মুক্তিৰ কোনো চৰকাৰী বা ন্যায়িক ৰেকৰ্ড বিচাৰি নোপোৱাত এই সমগ্ৰ জালিয়াতিৰ ঘটনাটো পোহৰলৈ আহে।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই অতি নিঃশব্দে এই জালিয়াতি চলি আছিল যদিও যোৱা সপ্তাহলৈকে ই ধৰা পৰা নাছিল। এই সন্দৰ্ভত ২৫ এপ্ৰিলত এক আৰক্ষী গোচৰ ৰুজু কৰাৰ লগে লগে সমগ্ৰ মিজোৰামত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ইয়াৰ পাছতে আৰক্ষীয়ে পলাই যোৱা কয়দীসকলক কৰায়ত্ত কৰিবলৈ এক বিশাল অভিযান আৰম্ভ কৰে।

প্ৰশাসনিক তৎপৰতাৰ অন্তত বৰ্তমানলৈকে পলাই যোৱা ১৩ জন কয়দীক পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, এতিয়াও দুজন কয়দী পলাতক অৱস্থাত থকাৰ বিপৰীতে এজন কয়দীৰ মুক্তিৰ পাছতে মৃত্যু ঘটে। কয়দীসকলক মুক্ত কৰিবলৈ ব্যৱহাৰ কৰা ভুৱা নিৰ্দেশনা পত্ৰত আদালতৰ প্ৰকৃত মোহৰ আৰু ফৰ্মেট ইমান নিখুঁতভাৱে নকল কৰা হৈছিল যে কাৰাগাৰ কৰ্তৃপক্ষই ইয়াক সহজে ধৰিব পৰা নাছিল।

আৰক্ষীৰ প্ৰাথমিক তদন্তত এই সমগ্ৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপে ২২ বছৰীয়া কয়দী জেৰেমিয়া লালথাংতুৰাক চিনাক্ত কৰা হৈছে। কাৰাগাৰৰ ভিতৰত থাকিও জেৰেমিয়াই এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিছিল আৰু ইয়াৰ জৰিয়তে সহযোগীসকলৰ সৈতে যোগাযোগ কৰি এই কাণ্ড সংঘটিত কৰিছিল। এই অভিযুক্তজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও চেক জালিয়াতি আৰু অনলাইন বিত্তীয় কেলেংকাৰীসহ মুঠ আঠটা অপৰাধমূলক গোচৰ ৰুজু হৈ আছিল।

জেৰেমিয়াই কাৰাগাৰৰ বাহিৰত থকা সহযোগীসকলৰ জৰিয়তে ভুৱা নথি আৰু আদালতৰ মোহৰবোৰ প্ৰস্তুত কৰিছিল বুলিও আৰক্ষী নিশ্চিত হৈছে। কাৰণ কাৰাগাৰৰ ভিতৰৰ পৰা কোনো ধৰণৰ প্ৰিণ্টিং আৰু মোহৰৰ কাম কৰা সম্ভৱ নহয়। বৰ্তমান আৰক্ষীয়ে সেই পলাতক সহযোগীসকলক আটক কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। চৰকাৰী নিৰাপত্তা ব্যৱস্থাৰ ইমান ডাঙৰ সুৰুঙাই এতিয়া মিজোৰামৰ কাৰাগাৰ বিভাগৰ কাৰ্যক্ষমতাৰ ওপৰতো প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *