নিশাৰ ঘন অন্ধকাৰ আৰু নিস্তব্ধতা ফালি দলঙৰ ওপৰৰ পৰা ভাঁহি আহিছিল এটি কণমানিৰ কৰুণ আৰ্তনাদ- “আম্মা… নান্না…”। কি হৈছে একো বুজি নাপাই আন্ধাৰ আৰু ঠাণ্ডাৰ মাজত চকুলো টুকিছিল তিনিবছৰীয়া নিষ্পাপ শিশুটিয়ে, কাৰণ চকুৰ সন্মুখতে উফন্দি উঠা নদীৰ বুকুত চিৰদিনৰ বাবে জাহ গৈছিল তাইৰ জন্মদাতাসকল। অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ গোদাৱৰী নদীৰ দলঙত বৃহস্পতিবাৰে নিশা সংঘটিত হ’ল এই চৰম হৃদয়বিদাৰক ঘটনা। নিজ সন্তানক স্কুটাৰখনৰ ওপৰতে অকলে এৰি থৈ নদীত জাঁপ দি আত্মহননৰ পথ বাছি ল’লে এহাল দম্পতীয়ে।

স্থানীয় সূত্ৰ অনুসৰি, ভেলপুৰু গাঁৱৰ বাসিন্দা ২৯ বছৰীয়া ডড্ডা সাই আৰু তেওঁৰ ২৮ বছৰীয়া পত্নী শিৰীজাই নিশা প্ৰায় ১০ বজাত স্কুটাৰেৰে সন্তানসহ দলঙৰ ওপৰত উপস্থিত হৈছিল। ইয়াৰ পিছতে শিশুটিক দলঙৰ ওপৰতে এৰি থৈ দুয়ো নদীৰ বুকুলৈ জাঁপ দিয়ে। দলঙৰ ওপৰত অকলে কান্দি থকা শিশুটিক প্ৰত্যক্ষ কৰি পথচাৰীসকলে পিতৃ-মাতৃৰ সন্ধান কৰে যদিও তেওঁলোকক ক’তো বিচাৰি নাপাই ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰে আৰু পৰৱৰ্তী সময়ত পৰিয়ালৰ হাতত চমজাই দিয়ে। ইফালে সন্ধানহীন দম্পতীহালক বিচাৰি আৰক্ষী, স্থানীয় সাঁতোৰবিদ আৰু নাৱিকৰ সহযোগত গোদাৱৰী নদীত ব্যাপক উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।

আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে পেছাত চালক সাই কিছু সময় উপসাগৰীয় দেশত কৰ্মৰত আছিল আৰু শেহতীয়াকৈ তেওঁলোক গুৰুতৰ আৰ্থিক সংকট তথা ঋণৰ বোজাত ভুগি আছিল। আনকি আৰ্থিক অনাটনৰ বাবে তেওঁলোকে নিজৰ ঘৰ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল নেকি, সেই দিশটোও পৰীক্ষা কৰি থকা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *