একেৰাহে ১৫ বছৰ ধৰি শীৰ্ষস্থান দখল কৰি থকা আগশাৰীৰ গ্লোবেল এপ্লায়েন্স ব্ৰেণ্ড হেইয়াৰ এপ্লায়েন্স ইণ্ডিয়াই নিজৰ শেহতীয়া ৰেঞ্জৰ ছুপাৰ হেভি-ডিউটী এয়াৰ কণ্ডিচনাৰ গ্ৰাহকৰ বাবে মুকলি কৰিছে। হেক্সা ইনভাৰ্টাৰ আৰু ছুপাৰছনিক কুলিং প্ৰযুক্তিৰ বৈশিষ্ট্যযুক্ত নতুন ৰেঞ্জে ২০গুণ দ্ৰুতগতিত আৰু বৰ্ধিত শীতল অভিজ্ঞতা প্ৰদান কৰিবলৈ সজ্জিত কৰি তোলা হৈছে আৰু ৬৫% শক্তি সঞ্চয় কৰিবলৈ সক্ষম। হেইয়াৰ ইণ্ডিয়াই গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে হেক্সা ইনভাৰ্টাৰ প্ৰযুক্তিৰ জৰিয়তে মাত্ৰ ১০ ছেকেণ্ডত ছুপাৰছনিক কুলিং, ফ্ৰষ্ট চেল্ফ-ক্লিন টেকন’লজি আৰু ইণ্টেলি কনভাৰ্টিবল ৭-ইন-১ ইত্যাদি উন্নত বৈশিষ্ট্যৰ সৈতে নতুন ৰূপত গ্ৰাহকসকলৰ বাবে মুকলি কৰা হৈছে। গ্ৰীষ্মকালত দ্ৰুত শীতলতা বা ঠাণ্ডা কৰাৰ চাহিদা পূৰণ কৰিবলৈ গ্ৰাহকসকলক সৰ্বাধিক আৰাম প্ৰদান কৰি নতুন ৰেঞ্জে উদ্ভাৱন, ডিজাইন আৰু শক্তিৰ কাৰ্যক্ষমতাক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰিব। এই নতুন প্ৰডাক্ট মুকলিৰ বিষয়ে হেইয়াৰ এপ্লায়েন্স ইণ্ডিয়াৰ অধ্যক্ষ এন এছ সতীশে কয় যে, “আমি শেহতীয়া আৰু বৰ্ধিত চাহিদাসমূহ পূৰণ কৰিবলৈ সাজু হৈছোঁ আৰু ২০২৪ত দুটা সংখ্যাৰ গ্ৰাহক বৃদ্ধি প্ৰাপ্ত কৰাৰ লক্ষ্য ৰাখিছো।” হেইয়াৰৰ ছুপাৰ হেভী-ডিউটী এয়াৰ কণ্ডিচনাৰসমূহ দেশৰ সকলো আগশাৰীৰ ইলেক্ট্ৰনিক ষ্ট’ৰতে ৪৯,৯৯০ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ হ’ব। হেইয়াৰে প্ৰাৰম্ভিক অফাৰৰ অংশ হিচাপে গ্ৰাহ কক ৫ বছৰলৈ ৱাৰেণ্টী, ৮,০০০ টকা পৰ্যন্ত কেছবেক, বিনামূলীয়া ষ্টেণ্ডাৰ্ড ইনষ্টলেচন আৰু ১২ বছৰলৈ কম্প্ৰেছাৰ ৱাৰেণ্টী আগবঢ়াইছে। Share this:FacebookX Related Post navigation স্কোডা অটো ইণ্ডিয়াই ভাৰতীয় বজাৰত বিকাশ ৰখাৰ বাবে ডিজিটেলকৰণ ৰণনীতি ত্বৰান্বিত কৰে ৰাহুল গান্ধীৰ হাতত নগদ হাজাৰ হাজাৰ টকা টকা জমা আছে