পবিত্ৰ ধনতেৰাছ আৰু দীপাৱলীলৈ মাজত মাথো কেইদিনমান বাকী । এই সময়ছোৱাত গ্ৰাহকে সোণ , ৰূপ ক্ৰয়ত গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত আপুনি প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই আৰু নিৰ্মাণ মাচুলত ২০ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব। এই ৰেহাই লাভ কৰিব টনিষ্কশ্ব’ ৰূমত। কিয়নো উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ বাবে টাটা গোষ্ঠীৰ আগশাৰীৰ অলংকাৰ ব্ৰেণ্ড টনিষ্কে এক বিশেষ উৎসৱকালীন অফাৰ ঘোষণা কৰিছে । ১০ অক্টোবৰৰ পৰা ৮ নৱেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অফাৰৰ অধীনত গ্ৰাহকসকলে সোণৰ অলংকাৰ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই আৰু নিৰ্মাণ মাচুলত ২০ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব । ইয়াৰ উপৰি, ১৮ কেৰেটতকৈ অধিক বিশুদ্ধতাৰ পুৰণি সোণৰ অলংকাৰ বিনিময় কৰিলে কোনো কৰ্তন নোহোৱাকৈ ১০০% মূল্য প্ৰদান কৰা হ’ব । Share this:FacebookX Related Post navigation পূজা কমিটিৰ ধন লৈ উধাও কলকাতাৰ শিল্পী