দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ জিণ্টু গগৈৰ পিতৃয়ে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ প্ৰদান কৰা প্ৰতিক্ৰিয়াৰ এইবাৰ প্ৰত্যুত্তৰ দিছে খোদ সাংসদগৰাকীয়ে। শনিবাৰে মাজুলীত সাংবাদিকৰ মুখামুখি হৈ যোৰহাটৰ সাংসদগৰাকীয়ে শ্বহীদৰ পিতৃ থগিৰাম গগৈৰ ক্ষোভৰ বিপৰীতে এক অতি সাৱধানী স্থিতি গ্ৰহণ কৰে। শ্বহীদ পৰিয়ালটোৰ প্ৰতি থকা শ্ৰদ্ধা অটুট ৰাখিও গগৈয়ে অভিযোগ কৰে যে কোনো বিশেষ মহলে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেহে এজন শোকাতুৰ পিতৃক এনেদৰে মন্তব্য কৰিবলৈ উৎসাহিত কৰিছে। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে অনা পাকিস্তান সংযোগৰ এছ আই টি তদন্তৰ প্ৰসংগটোত নিজৰ মত প্ৰকাশ কৰি কয়, “তেওঁলোক এজন শ্বহীদৰ পৰিয়াল, গতিকে তেওঁলোকে যিয়েই নকওক মই তাৰ ওপৰত বিৰূপ মন্তব্য নকৰোঁ। মই নিশ্চিত যে কোনোবাই তেওঁলোকৰ ওচৰলৈ গৈ কি ক’ব লাগে সেই কথা শিকাই দিছে।” তেওঁ লগতে আঙুলিয়াই দিয়ে যে ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক দিয়া আমন্ত্ৰণৰ কথাটো সেই একেই ব্যক্তিসকলে শ্বহীদৰ পৰিয়ালটোক জনোৱা নাই। ৰাজনৈতিক এই বিতৰ্কৰ মাজতে গৌৰৱ গগৈয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ মূল সমস্যাসমূহৰ ওপৰত আলোকপাত কৰে। মাজুলীৰ চিৰস্থায়ী সমস্যা বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ পুঁজি মুকলি কৰিবলৈ তেওঁ প্ৰধানমন্ত্ৰীক আহ্বান জনায়। ইয়াৰ উপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো নিৰ্বাচনৰ পূৰ্বেই সমাধান কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায়। আগন্তুক বিধানসভা নিৰ্বাচনক প্ৰধানমন্ত্ৰী বাচনিৰ নহয়, বৰঞ্চ ৰাজ্যৰ উপযুক্ত নেতৃত্ব বাচনিৰ যুঁজ বুলিও তেওঁ অভিহিত কৰে। Share this:FacebookX Related Post navigation ‘মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ’ বুলি চিনাক্ত কৰাত আপত্তি; পৰিচয় সংকটৰ কথা তুলিলে দিগন্ত বিশ্ব শৰ্মাই কেবিনেটৰ অনুমোদন লাভঃ ১৮ হাজাৰ কোটি টকাৰ আণ্ডাৰৱাটাৰ ৰেল সুৰংগত গহপুৰ–নুমলীগড় সংযোগ