ছাৰ্বিয়াৰ টেনিছ কিংবদন্তি ন’ভাক জ’কভিচে ২০২৫ ৰ ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টি কৰিছে।বুধবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল মেচখনত তেওঁ জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভক ৪-৬, ৬-৩, ৬-২, ৬-৪ ছেটত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ৩৮ বছৰ বয়সত জ’কভিচে ৰ’লেণ্ড গাৰোছ (ফ্ৰেঞ্চ অ’পেন)ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ সৈতে তেওঁ গ্ৰেণ্ড শ্লেমৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন পুৰুষ খেলুৱৈও হিচাপে পৰিগণিত হয়, ৩৮ বছৰতকৈও অধিক বয়সত এই কৃতিত্ব অৰ্জন কৰে। এই জয়েৰে জ’কভিচে নিজৰ নামত বহু অভিলেখ গঢ়িবলৈ সক্ষম হয়। ১৯৬৮ চনৰ পিছত ৰ’লেণ্ড গাৰোছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ বয়সীয়াল পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে ১৯৬৮ চনত ৪০ বছৰ বয়সত এই কৃতিত্ব অৰ্জন কৰিছিল কেৱল পাঞ্চো গনজালেছে।জ’কভিচে কেৰিয়াৰৰ ৫১ সংখ্যক গ্ৰেণ্ড শ্লেম ছেমি ফাইনেল খেলিছিল, ইয়াৰে ১৩টা ফ্ৰেন্স অ’পেনত আহিছে। এই মেচখনৰ এটা বিশেষ মুহূৰ্ত আহিছিল যেতিয়া জ’কভিচে ঝভেৰেভৰ বিৰুদ্ধে ৪১ শ্বটৰ ৰেলীত জয়লাভ কৰিছিল, যিয়ে দৰ্শকক ৰোমাঞ্চিত কৰি তুলিছিল।জ’কভিচতকৈ ১০ বছৰ সৰু ঝভেৰেভক এই মেচত তেওঁৰ বিৰুদ্ধে সম্পূৰ্ণ অসহায় যেন লাগিছিল। Share this:FacebookX Related Post navigation ইউএফএ নেচনছ লীগৰ ফাইনেলত পৰ্তুগাল ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ব্ৰিটেইনত উপস্থিত টীম ইণ্ডিয়া