দেশীয় গ্ৰাহক প্ৰযুক্তি ব্ৰেণ্ড মিভি-এ নিজৰ প্ৰথমটো মোবাইল ফোন মিভি ৱান ৫জি মুকলিৰ জৰিয়তে স্মাৰ্টফোনৰ বজাৰত প্ৰৱেশ কৰিছে। এই স্মাৰ্টফোনটো ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডে’জ ফেষ্টিভ চেলৰ সময়ত একচেটিয়াভাৱে বিক্ৰীৰ বাবে উপলব্ধ হ’ব। ৪জিবি ৰেম + ১২৮জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ বাবে স্মাৰ্টফোনটো ১১,৯৯৯ টকাৰ কাৰ্যকৰী মূল্যত পোৱা যাব। আনহাতে, ৬জিবি + ১২৮জিবি আৰু ৮জিবি + ১২৮জিবি ভেৰিয়েণ্ট দুটাৰ মূল্য ক্ৰমে ১৩,৪৯৯ টকা আৰু ১৪,৯৯৯ টকা ধাৰ্য কৰা হৈছে। এই দামসমূহৰ ভিতৰত প্ৰযোজ্য বেংক/ইউপিআই অফাৰসমূহ অন্তৰ্ভুক্ত হৈ আছে আৰু এইসমূহ ফ্লিপকাৰ্ট তথা সহযোগী বেংকৰ চৰ্তসমূহৰ অধীন হ’ব। যোগ্য ফ্লিপকাৰ্ট প্লাছ, ভিআইপি আৰু ব্লেক মেম্বাৰ তথা যোগ্য কাৰ্ডধাৰীসকলৰ বাবে ৮ অক্টোবৰৰ মাজনিশাৰ পৰা আৰ্লি এক্সেছ আৰম্ভ হ’ব আৰু ৯ অক্টোবৰৰ পৰা সকলোৰে বাবে মুকলি হ’ব।

৪ নেন’মিটাৰ কোৱালকম স্নেপড্ৰেগন ৪ জেন ২ ৫জি প্লেটফৰ্মৰ দ্বাৰা পৰিচালিত মিভি ওৱান ৫জি ফোনটোত আছে ৬.৭৫ ইঞ্চিৰ এটা এইচডি প্লাছ ১২০হাৰ্টজ ডিছপ্লে, ৫০ মেগাপিক্সেলৰ ডুৱেল কেমেৰা ছেটআপ, ৮ মেগাপিক্সেলৰ সন্মুখৰ কেমেৰা আৰু ১৮ অ’ৱাট ফ্ৰাষ্ট ছাৰ্জিঙৰ সৈতে এটা ৬০০০ এমএএইছ বেটাৰী। ই ষ্টক এণ্ড্ৰইড ১৬ৰ অধীনত চলে আৰু ইয়াত আইপি৬৪ সুৰক্ষা, কাষত থকা ফিংগাৰপ্ৰিণ্ট চেন্সৰ আৰু মিভি ক্লিয়াৰটক প্ৰযুক্তি প্ৰদান কৰা হৈছে।

গুৱাহাটী মহানগৰীত ১১,৯৯৯ টকাৰ এই প্ৰাৰম্ভিক মূল্যই ফোনটোক বাজেট ৫জি খণ্ডত এক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে থিয় কৰাব পাৰে, বিশেষকৈ ফেষ্টিভ ছিজনত সুলভ মূল্যৰ স্মাৰ্টফোনৰ চাহিদা সাধাৰণতে বৃদ্ধি পায়। মিভিৰ মুখ্য ব্যৱসায়িক বিষয়া হিমাংশু টেণ্ডনে কয় যে, এই স্মাৰ্টফোনটোৱে কোম্পানীটোৰ বাবে এই খণ্ডত প্ৰৱেশৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে আৰু ফ্লিপকাৰ্টৰ সৈতে থকা এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ গ্ৰাহকৰ ওচৰলৈ এই বিকল্প আগবঢ়াই দিয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *