উজনিৰ ভয়াৱহ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰিবলৈ অসম চৰকাৰ তৎপৰ হৈ পৰিছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত ৰাইজলৈ অন্তৰ্ৱৰ্তীকালীন বান সাহায্যৰ ১৫ হাজাৰ ঘোষণা কৰিছিল । সোমবাৰে পুৱাৰ ভাগতে এই ধন বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে ।এই আৰ্থিক সাহায্য চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ প্ৰায় ৬২,৬৯৬ হাজাৰ বানাক্ৰান্ত পৰিয়াললৈ চৰকাৰে আগবঢ়াইছে । শিৱসাগৰ জিলাৰ ৩৫ হাজাৰ ২৯৮টা পৰিয়াল, চৰাইদেউৰ ১৯ হাজাৰ ৮৮৩টা পৰিয়াল, গোলাঘাটৰ ২ হাজাৰ ৫৯৩টা পৰিয়াল আৰু যোৰহাটৰ ৪ হাজাৰ ৯২২টা পৰিয়ালে লাভ কৰিব ১৫ হাজাৰকৈ টকা আগবঢ়াইছে ।দ্বিতীয় পৰ্যায়ত বানত ক্ষতিগ্ৰস্ত ৰাইজে ১০ হাজাৰ টকা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে । লগতে মুখ্যমন্ত্ৰীয়ে বানপীড়িত জিলাসমূহৰ ৰাইজলৈ বীমাৰ দাবী সহজে লাভৰ ব্যৱস্থা কৰাৰ বাবে ইতিমধ্যে বীমা কোম্পানী কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ কথা উল্লেখ কৰে । ইয়াৰ উপৰিও ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহলৈ ২ লাখৰ পৰা ২ লাখ ১০ হাজাৰ দিয়া হ’ব বুলিও তেওঁ ঘোষণা কৰে ।‌

Leave a Reply

Your email address will not be published. Required fields are marked *