জংঘল যুদ্ধ আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বাবে গঠিত চিআৰপিএফৰ বিশেষ কমাণ্ডো বাহিনী ‘ক’ব্ৰা’ৰ শীৰ্ষ পদত নিযুক্তি পালে এগৰাকী অসম তনয়াই।

উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযান চলাই বিশেষভাৱে পৰিচিত হৈ পৰা অসম-মেঘালয় কেডাৰৰ ২০০৬ বেচৰ জ্যেষ্ঠ আইপিএছ বিষয়া সংযুক্তা পৰাশৰে চিআৰপিএফৰ ক’ব্ৰা ইউনিটৰ পৰিদৰ্শক প্ৰধান (আইজি) হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে।

ইয়াৰ লগে লগে এই বিশেষ বাহিনীটোক নেতৃত্ব দিয়া দেশৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া হিচাপে পৰিগণিত হয় পৰাশৰ।

চিআৰপিএফৰ মুখ্য কাৰ্যালয়ে শেহতীয়াকৈ এই নিযুক্তিৰ নিৰ্দেশনা জাৰি কৰে। ১৯৯৬ বেচৰ আইপিএছ বিষয়া দানেশ ৰাণাৰ স্থানত সংযুক্তা পৰাশৰক এই দায়িত্ব অৰ্পণ কৰা হৈছে।

দহটা বেটেলিয়নৰে গঠিত এই বিশেষ বাহিনীটোৰ নেতৃত্ব এতিয়াৰ পৰা এগৰাকী মহিলা বিষয়াই বহন কৰিব বুলি নিশ্চিত কৰে এগৰাকী জ্যেষ্ঠ বিষয়াই।

কমাণ্ডো বেটেলিয়ন ফৰ ৰিজোলিউট একশ্যন চমুকৈ ‘ক’ব্ৰা’ হৈছে গভীৰ অৰণ্য আৰু দুৰ্গম অঞ্চলত গেৰিলা যুদ্ধৰ মোকাবিলা কৰিবলৈ গঠিত চিআৰপিএফৰ এক বিশেষ শাখা।

ছত্তীশগড়, ঝাৰখণ্ড, ওড়িশা আৰু মহাৰাষ্ট্ৰৰ মাওবাদী অধ্যুষিত ঘন জংঘলত বিপদসংকুল অভিযান চলোৱাত সিদ্ধহস্ত এই কমাণ্ডো বাহিনী। শেহতীয়াকৈ মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেও দুটা ক’ব্ৰা ইউনিট নিয়োগ কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

অসমত কৰ্মৰত অৱস্থাত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে একাধিক সফল আৰু সাহসিক অভিযানত অংশ লৈছিল পৰাশৰে। হাতত এ কে-৪৭ লৈ ঘন অৰণ্যত জোৱানসকলৰ সৈতে অভিযান চলাই তেওঁ চৰ্চালৈ আহে।

২০০৮ চনত মাকুমত সহকাৰী কমাণ্ডেণ্ট হিচাপে কৰ্মজীৱন আৰম্ভ কৰা পৰাশৰে পিছত ওদালগুৰিৰ গোষ্ঠীগত সংঘৰ্ষ নিয়ন্ত্ৰণতো উল্লেখযোগ্য ভূমিকা লয়।

পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এনআইএত ডিআইজি পদত কাৰ্যনিৰ্বাহ কৰি সন্ত্ৰাসবাদ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ তদন্ত কৰে বিষয়াজনে।

দিল্লী বিশ্ববিদ্যালয়ৰ ইন্দ্ৰপ্ৰস্থ মহিলা মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত আমেৰিকাৰ বৈদেশিক নীতিৰ ওপৰত পিএইচডি ডিগ্ৰী লাভ কৰে সংযুক্তা পৰাশৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *