প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ সময়তে গণতন্ত্ৰ, সাংবিধানিক অনুষ্ঠান আৰু নাগৰিক অধিকাৰৰ প্ৰসংগ উত্থাপন কৰি মোদী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিলে অসম বিধানসভাৰ বিৰোধী দলৰ প্ৰাক্তন দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে শইকীয়াই কয় যে ২৫ বছৰীয়া শাসনৰ মূল্যায়ন কেৱল উন্নয়নৰ দাবীত সীমাবদ্ধ থাকিব নোৱাৰে। এই সময়ছোৱাত গণতান্ত্ৰিক অনুষ্ঠান, সাংবিধানিক অধিকাৰ, নাগৰিক স্বাধীনতা আৰু সাধাৰণ মানুহৰ জীৱন-জীৱিকাৰ কি অৱস্থা হ’ল, সেই সকলোবোৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। মোদীৰ এই ২৫ বছৰীয়া ঐতিহাসিক মাইলষ্ট’নক পোনপটীয়াকৈ জবাবদিহি কৰাৰ আহ্বান জনাই কংগ্ৰেছ নেতাজনে কয়, “ক্ষমতাত ২৫ বছৰ থকা মানেই হৈছে ২৫ বছৰৰ বাবে জবাবদিহি হোৱাৰ সময়।” সংসদত পৰ্যাপ্ত আলোচনা নকৰাকৈ গুৰুত্বপূৰ্ণ আইন গৃহীত কৰা, ২০২০ চনৰ তিনিখন কৃষি আইন জাপি দিয়া আৰু জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ দৰে সিদ্ধান্তত গণতান্ত্ৰিক নীতি উলংঘন হোৱা বুলি অভিযোগ কৰে শইকীয়াই। তেওঁ লগতে পেগাছাছ কাণ্ড, সংবাদ মাধ্যমৰ ওপৰত নিয়ন্ত্ৰণ, গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰয়োগ আৰু সংখ্যালঘুৰ অধিকাৰ খৰ্ব কৰাক লৈও গভীৰ উদ্বেগ প্ৰকাশ কৰে। দেশৰ অৰ্থনৈতিক ব্যৱস্থাক লৈ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে বিমুদ্ৰাকৰণ, বৃদ্ধি পোৱা মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাই দেশৰ সাধাৰণ শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক সৰ্বস্বান্ত কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই, ইডি আৰু আয়কৰ বিভাগক বিৰোধী নেতাৰ বিৰুদ্ধে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰে নেতাজনে। মণিপুৰৰ দীৰ্ঘদিনীয়া গোষ্ঠীগত হিংসা ৰোধ কৰাত চৰকাৰ চৰমভাৱে ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে নাগৰিকৰ জীৱন-সম্পত্তি ৰক্ষা কৰাত চৰকাৰে কিয় দায়িত্ব পালন নকৰে। অসমৰ প্ৰসংগ উত্থাপন কৰি দেৱব্ৰত শইকীয়াই কয় যে ২০১৯ চনৰ ৩১ আগষ্টত এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছতো ইয়াৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়া ইচ্ছাকৃতভাৱে ওলমাই ৰখা হৈছে। একেদৰে মৰাণ, মটক, চুতীয়া, টাই-আহোম, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী এতিয়াও পূৰণ নোহোৱাত তেওঁ ক্ষোভ প্ৰকাশ কৰে। শেহতীয়া বান আৰু গৰাখহনীয়াৰ সমস্যা সম্পৰ্কে উল্লেখ কৰি তেওঁ কয় যে বানপীড়িত পৰিয়ালসমূহক কেৱল সাময়িক সকাহ দিয়াতকৈ স্থায়ী সংস্থাপন আৰু ক্ষতিপূৰণসহ এক বিশেষ পুনৰ্সংস্থাপন পেকেজ প্ৰদান কৰাটো চৰকাৰৰ বাধ্যতামূলক দায়িত্ব। চৰকাৰে বৃহৎ কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰাতকৈ সাধাৰণ নাগৰিকৰ সাংবিধানিক সুৰক্ষা আৰু গণতান্ত্ৰিক মূল্যবোধক অগ্ৰাধিকাৰ দিয়া উচিত বুলি তেওঁ স্পষ্ট কৰি দিয়ে। Share this:FacebookX Related Post navigation ২০২৫ বৰ্ষত শূন্য চোৰাং চিকাৰ; এশিঙীয়া গঁড় সুৰক্ষাত অসমৰ ঐতিহাসিক মাইলষ্ট’ন চিআৰপিএফৰ ক’ব্ৰা বাহিনীৰ নেতৃত্বত প্ৰথমগৰাকী মহিলা বিষয়া; আইজি হিচাপে দায়িত্বভাৰ গ্ৰহণ সংযুক্তা পৰাশৰৰ