জৈৱিক কৃষিভিত্তিক উৎপাদনক নতুন গতি দিয়াৰ লক্ষ্যৰে মেঘালয়ত শুভাৰম্ভ কৰা হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে ৰি-ভই জিলাত এই অত্যাধুনিক প্ৰকল্পটোৰ উদ্বোধন কৰে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাংৰ উপস্থিতিত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। কৃষক, জনজাতীয় নেতা আৰু স্থানীয় ৰাইজক সম্বোধন কৰি নিৰ্মলা সীতাৰমণে কয় যে বিশ্বজুৰি বৰ্ধিত জৈৱিক আৰু মানসম্পন্ন কৃষিজাত সামগ্ৰীৰ চাহিদাই মেঘালয়ৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। কৃষিৰ ভৱিষ্যৎ অধিক উৎপাদনত নহয়, বৰঞ্চ উন্নত মান, নিৰাপদ, পৰিৱেশ-অনুকূল আৰু সহজে অনুসন্ধানযোগ্য সামগ্ৰী উৎপাদনত নিহিত আছে বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বহু আগৰে পৰা মেঘালয়ৰ কৃষকসকলে বহন কৰি অহা বহনক্ষম কৃষি পদ্ধতিকো তেওঁ প্ৰশংসা কৰে। প্ৰায় ৩২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই জৈৱিক প্ৰক্ৰিয়াকৰণ কেন্দ্ৰটোৱে বছৰি ১০ হাজাৰৰো অধিক মেট্ৰিক টন উচ্চমূল্যৰ জৈৱিক মছলা প্ৰক্ৰিয়াকৰণ কৰিব। আদা, হালধি, জলকীয়া আৰু জালুক আদি শস্য প্ৰক্ৰিয়াকৰণৰ বাবে কেন্দ্ৰটোত সংৰক্ষণাগাৰ, ধোৱা, শুকুওৱা আৰু গুড়ি কৰাৰ আধুনিক ব্যৱস্থা স্থাপন কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম জৈৱিক স্বীকৃতিপ্ৰাপ্ত মছলা প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠা এই প্ৰকল্পটোৱে ৰাষ্ট্ৰীয় জৈৱিক উৎপাদন কাৰ্যসূচী (এনপিঅ’পি) আৰু ইউৰোপীয় ইউনিয়নৰ জৈৱিক মানদণ্ডৰ স্বীকৃতিও লাভ কৰিছে। ফলত দেশীয় বজাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় জৈৱিক সামগ্ৰীৰ বজাৰতো প্ৰত্যক্ষভাৱে প্ৰৱেশৰ সুযোগ লাভ কৰিব প্ৰকল্পটোৱে। এই কেন্দ্ৰৰ জৰিয়তে মেঘালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৫,৫০০ গৰাকী জৈৱিক কৃষক উপকৃত হোৱাৰ আশা কৰা হৈছে। শস্যৰ মূল্য সংযোজন, সংগ্ৰহ ব্যৱস্থা শক্তিশালীকৰণ, গুণগত মান নিয়ন্ত্ৰণ আৰু বজাৰৰ সৈতে উন্নত সংযোগ স্থাপনৰ ক্ষেত্ৰতো প্ৰকল্পটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি নিৰ্মলা সীতাৰমণে লক্ষাডং হালধিৰ কথাও বিশেষভাৱে উল্লেখ কৰে। জি আই স্বীকৃতিপ্ৰাপ্ত এই হালধিত সাধাৰণ বাণিজ্যিক প্ৰজাতিতকৈ বহু অধিক পৰিমাণে কাৰকিউমিন থাকে বুলি তেওঁ কয়। একেদৰে মেঘালয়ৰ আদাৰ কম আঁহযুক্ত গুণাগুণ আৰু উচ্চ বজাৰ সম্ভাৱনাৰ বিষয়টোও তেওঁ উত্থাপন কৰে। কেঁচা কৃষিজাত সামগ্ৰী বিক্ৰীৰ পৰিৱৰ্তে প্ৰস্তুত সামগ্ৰী, নিজস্ব ব্ৰেণ্ড আৰু বিশ্বমানৰ গুণগত উৎপাদন বজাৰত উলিয়াবলৈ কৃষকসকলক আহ্বান জনায় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। মূল্য সংযোজন, পেকেজিং, প্ৰমাণপত্ৰ আৰু বজাৰ সংযোগৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ নতুন পথ মুকলি হ’ব বুলিও তেওঁ মন্তব্য কৰে। Share this:FacebookX Related Post navigation মাত্ৰ ১২৬ বলত অপৰাজিত ৩০৬ ৰানৰ ইংনিছ খেলি ক্ৰিকেট দুনীয়াত ধুমুহা ১৫ বৰ্ষীয় অক্ষৰাৰ ডাক সেৱাত ড্ৰ’নৰ সংযোজন; অসম-হিমাচলত ১৫০টা পথ সামৰি দেশৰ সৰ্ববৃহৎ ডাক ড্ৰ’ন নেটৱৰ্কৰ সূচনা