বয়স মাত্ৰ ১৫ বছৰ, কিন্তু বেটৰ দপদপনিত ইতিমধ্যে চৰ্চালৈ আহিছে বিহাৰৰ এগৰাকী কিশোৰী ক্ৰিকেটাৰ। অনূৰ্ধ্ব-১৯ মহিলা এদিনীয়া টুৰ্ণামেণ্টত বিধ্বংসী বেটিং কৰি ৩০৬ ৰানৰ অপৰাজিত ইনিংছ খেলি বিশ্বৰ ক্ৰিকেটানুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে অক্ষৰা গুপ্তাই। বিহাৰ ক্ৰিকেট এছ’চিয়েচনৰ মহিলা অনূৰ্ধ্ব-১৯ এদিনীয়া ট্ৰফী প্ৰতিযোগিতাত বৃহস্পতিবাৰে ভাগলপুৰৰ ছেণ্ডিছ কম্পাউণ্ড গ্ৰাউণ্ডত এই অভিলেখধৰ্মী ইনিংছ খেলে অক্ষৰাই। মাত্ৰ ১২৬টা বলত ৩০৬ ৰান সংগ্ৰহ কৰা অক্ষৰাৰ ইনিংছত আছিল ৫৫টা চাৰি আৰু ৮টা ছয়। ইনিংছৰ আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰা অক্ষৰাই মাত্ৰ ১৬টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। ইয়াৰ পিছত ৩৪টা বলত শতক অৰ্জন কৰি বিধ্বংসী বেটিঙৰ পৰিচয় দিয়ে বিহাৰৰ অনূৰ্ধ্ব-১৯ মহিলা দলৰ অধিনায়িকাগৰাকীয়ে। তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ২৪২.৮৬। পূব চম্পাৰণ জিলাৰ ৰক্সৌলৰ বাসিন্দা অক্ষৰা গুপ্তা বিহাৰৰ মহিলা ক্ৰিকেটৰ অন্যতম প্ৰতিভাশালী মুখ হিচাপে পৰিগণিত হৈছে। বিগত দুবছৰত একেৰাহে চাৰিটা বি চি চি আই মহিলা প্ৰতিযোগিতাত অংশ লোৱা বিহাৰৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপেও খ্যাতি অৰ্জন কৰিছে ১৫ বৰ্ষীয় কিশোৰী ক্ৰিকেটাৰগৰাকীয়ে। অক্ষৰাৰ এই প্ৰদৰ্শনত বিহাৰ ক্ৰিকেট এছ’চিয়েচনৰ সভাপতি হৰ্ষবৰ্ধনে সন্তুষ্টি প্ৰকাশ কৰি কয় যে, বিহাৰৰ মহিলা ক্ৰিকেটাৰসকলে ধাৰাবাহিকভাৱে নিজৰ প্ৰদৰ্শনেৰে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। এছ’চিয়েচনৰ সম্পাদক জিয়াউল আৰফিনেও অক্ষৰাক অভিনন্দন জনায়। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও বিহাৰৰ এগৰাকী কিশোৰ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে নিজৰ প্ৰদৰ্শনেৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মাত্ৰ ১৫ বছৰ বয়সতে ভাৰতীয় দলত স্থান লাভ কৰা বৈভৱে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো যাত্ৰা আৰম্ভ কৰিছে। বৈভৱৰ পাছত এইবাৰ অক্ষৰা গুপ্তাৰ এই বিস্ফোৰক ইনিংছে বিহাৰৰ মহিলা ক্ৰিকেটত নতুন আশাৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation ভাৱীপত্নীৰ সৈতে ফুৰিবলৈ গৈ ফটো তুলিবলৈ লওতেই দ খাৱৈত পৰিল যুৱক, মৃত্যু