আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমাৎ বৃদ্ধি পাইছে অসমৰ প্ৰতি আস্থা। অষ্ট্ৰেলিয়া আৰু জাপানৰ পিছত এইবাৰ অসম ভ্ৰমণৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞামূলক পৰামৰ্শ প্ৰত্যাহাৰ কৰিছে ইউৰোপীয় ইউনিয়নেও। এই সিদ্ধান্তই ৰাজ্যখনৰ পৰ্যটন, বাণিজ্য আৰু বিনিয়োগ খণ্ডলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে এই তথ্য সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইউৰোপীয় ইউনিয়নৰ ২৭খন সদস্য ৰাষ্ট্ৰই তেওঁলোকৰ নাগৰিকসকলৰ বাবে অসম সম্পৰ্কীয় ভ্ৰমণ পৰামৰ্শ সংশোধন কৰিছে। ফলত অসম ভ্ৰমণৰ ক্ষেত্ৰত পূৰ্বে বলবৎ থকা নিষেধাজ্ঞামূলক নিৰ্দেশনা আঁতৰাই দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে, শেহতীয়াকৈ ইউৰোপীয় ইউনিয়নৰ কূটনীতিবিদসকলৰ অসম ভ্ৰমণৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পদক্ষেপে অসমৰ প্ৰতি ইউৰোপীয় দেশসমূহৰ আস্থা বৃদ্ধি পোৱাৰ স্পষ্ট বাৰ্তা বহন কৰিছে বুলিও তেওঁ উল্লেখ কৰে। উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে ইউৰোপীয় ইউনিয়নৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিছিল। বাণিজ্য, উদ্যোগ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনা অন্বেষণ কৰাৰ উদ্দেশ্যে এই ভ্ৰমণ অনুষ্ঠিত হৈছিল। ভ্ৰমণকালত অসম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেড আৰু ফেডাৰেশ্যন অৱ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়াৰ মাজত এখন বুজাবুজি চুক্তিও স্বাক্ষৰিত হয়। ইফালে, ফেচবুক লাইভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ইউৰোপীয় ইউনিয়নৰ এই সিদ্ধান্তৰ ফলত অসমলৈ বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ উদ্যোগীসকলক লক্ষ্য কৰি তেওঁ কয় যে, বিদেশী পৰ্যটকে কেৱল পঞ্চতাৰকা হোটেল বিচাৰি নাহে; অসমৰ সংস্কৃতি, পৰম্পৰা, খাদ্যাভ্যাস আৰু গ্ৰাম্য জীৱনৰ অনন্য অভিজ্ঞতাও তেওঁলোকে বিচাৰে। সেয়ে অধিক সংখ্যক হোমষ্টে গঢ়ি তুলি আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে নতুন সুযোগ সৃষ্টি কৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে, অসম সম্পৰ্কীয় ভ্ৰমণ পৰামৰ্শ সংশোধনৰ ক্ষেত্ৰত আমেৰিকা আৰু কানাডাকো বুজাবলৈ ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। তেওঁ অৱশ্যে স্পষ্ট কৰে যে, নিৰাপত্তাজনিত কাৰণত বৰ্তমানো সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) বলবৎ থকা চৰাইদেউ, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ ক্ষেত্ৰত ভ্ৰমণ সম্পৰ্কীয় কিছু নিষেধাজ্ঞা অব্যাহত থাকিব। Share this:FacebookX Related Post navigation উত্তৰ-পূৰ্বাঞ্চলত এছআইভি আক্ৰান্তৰ শীৰ্ষত অসম; ৩৩ হাজাৰতকৈ অধিক লোক সংক্ৰমিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কেইৰ ষ্টাৰমাৰৰ; নতুন নেতৃত্ব বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ লেবাৰ পাৰ্টিৰ