অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এছআইভি আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে ৰাজ্যখনৰ এইছআইভি সংক্ৰমণৰ চিন্তাজনক ছবি। প্ৰতিবেদন অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অসমত সৰ্বাধিক ৩৩,১৪৫ গৰাকী লোক এইছআইভিৰ সৈতে জীৱন-যাপন কৰি আছে।

জনস্বাস্থ্য খণ্ডত সজাগতা, পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত থকাৰ পিছতো এই পৰিসংখ্যাই ৰাজ্যখনৰ সন্মুখত এতিয়াও এক বৃহৎ স্বাস্থ্যজনিত প্ৰত্যাহ্বান বিদ্যমান থকাৰ ইংগিত দিছে। প্ৰতিবেদন অনুসৰি, অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ০.১৩ শতাংশ লোক এইছআইভিত আক্ৰান্ত।

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ তুলনাত অসম সংখ্যাগতভাৱে শীৰ্ষস্থানত আছে। অসমৰ পিছতে মিজোৰামত ২৬,৩২১ গৰাকী, নাগালেণ্ডত ২৩,৭৩১ গৰাকী, মণিপুৰত ২৩,৪৬৩ গৰাকী, ত্ৰিপুৰাত ১০,৭৬৯ গৰাকী, মেঘালয়ত ৯,২৪৪ গৰাকী, অৰুণাচল প্ৰদেশত ২,৬৩০ গৰাকী আৰু ছিকিমত ৫৩৩ গৰাকী এইছআইভি আক্ৰান্ত লোক আছে।

প্ৰতিবেদনত মহিলাসকলক লৈও এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত চিনাক্ত হোৱা ১৩,৮০৯ গৰাকী এইছআইভি পজিটিভ মহিলাৰ ভিতৰত ৬,৮০৯ গৰাকীয়ে অসমৰ। অৰ্থাৎ অঞ্চলটোৰ মুঠ এইছআইভি আক্ৰান্ত মহিলাৰ প্ৰায় আধা অসমত আছে।

একেদৰে, গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো অসম শীৰ্ষস্থানত আছে। প্ৰতিবেদন অনুসৰি, ৰাজ্যখনত ১৪৬ গৰাকী এইছআইভি পজিটিভ গৰ্ভৱতী মহিলা চিনাক্ত হৈছে। নাগালেণ্ডত এই সংখ্যা ১২৭ আৰু মেঘালয়ত ১২৪। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এই পৰিসংখ্যাই মাতৃৰ পৰা সন্তানলৈ সংক্ৰমণ প্ৰতিৰোধ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাক স্পষ্ট কৰিছে।

অসমৰ এই পৰিস্থিতিৰ আঁৰত একাধিক কাৰণ জড়িত থকা বুলি স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে অসমত অধিক যাতায়াত, আন্তঃৰাজ্যিক সংযোগ, প্ৰব্ৰজন আৰু নগৰীকৰণে সংক্ৰমণ নিয়ন্ত্ৰণৰ প্ৰচেষ্টাক অধিক জটিল কৰি তুলিছে বুলিও মন্তব্য কৰে বিশেষজ্ঞসকলে।

ইফালে, ৰাষ্ট্ৰীয় এইড্‌ছ নিয়ন্ত্ৰণ সংস্থা (নেকো)-ই এইছআইভি প্ৰতিৰোধ, পৰীক্ষা আৰু চিকিৎসা সেৱা অধিক বিস্তৃত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। যুৱ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ‘ৰেড ফেষ্ট’কে ধৰি বিভিন্ন সচেতনতামূলক অভিযান চলাই থকা হৈছে।

স্বাস্থ্য বিশেষজ্ঞ সুনীলা গাৰ্গে কয় যে, সামগ্ৰিক পৰিসংখ্যাই স্পষ্টকৈ দেখুৱাইছে- ধাৰাবাহিক প্ৰচেষ্টাৰ পিছতো অসমে এতিয়াও অঞ্চলটোৰ সৰ্বাধিক এইছআইভি বোজা বহন কৰি আছে। তেওঁৰ মতে, আগতীয়াকৈ পৰীক্ষা, নিয়মীয়া চিকিৎসা, সজাগতা বৃদ্ধি আৰু লক্ষ্যভিত্তিক স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণৰ জৰিয়তেই এই সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ সফলতা লাভ কৰা সম্ভৱ।

Leave a Reply

Your email address will not be published. Required fields are marked *