তিব্বতৰ ওপৰত চীনৰ অবৈধ দখলদাৰী আৰু তিব্বতী প্ৰতিৰোধক অপৰাধ হিচাপে গণ্য কৰিবলৈ আইনৰ অপব্যৱহাৰৰ বিৰুদ্ধে যোৱা ২ জুলাইত নিউয়ৰ্ক চহৰৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৫২ বছৰীয়া তিব্বতী কৰ্মী লোবগা ৰাংজেনে শৰীৰত জুই লগাই প্ৰতিবাদেৰে নিজকে আত্মজাহ কৰে। এই আত্মজাহৰ প্ৰতিবাদ এনে এক সময়ত পোহৰলৈ আহিছে, যি সময়ত তিব্বতীসকলে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱা চীনৰ “জাতিগত একতা আৰু প্ৰগতি আইন”ক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে। এই আইনে ৰাষ্ট্ৰীয় একতা আৰু প্ৰগতিৰ নামত তিব্বতীসকলক বলপূৰ্বকভাৱে অত্যাচাৰী হান জাতিৰ সৈতে মিলি যাবলৈ বাধ্য কৰিছে।

লোবগাৰ আত্মজাহৰ ঘটনা বৰ্তমানৰ তিব্বতৰ স্বাধীনতা সংগ্ৰামক প্ৰতিফলিত কৰা ১৬০তকৈও অধিক আত্মজাহ প্ৰতিবাদৰ অন্যতম। বেইজিঙে নিজৰ ঔপনিৱেশবাদী লক্ষ্য আগবঢ়াই নিবলৈ আৰু তিব্বতীসকলৰ প্ৰতিৰোধক শাস্তি দিবলৈ নিজৰ আইন ব্যৱহাৰ কৰি আহিছে। ইয়াৰ স্পষ্ট প্ৰমাণ পোৱা যায় যেতিয়া চীনে এনে আত্মজাহৰ ঘটনাবোৰক ইচ্ছাকৃত নৰহত্যা বুলি অভিহিত কৰে, যাৰ ফলত সমগ্ৰ তিব্বতী সমাজেই সামূহিক শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়।

চীনে তিব্বতত এক মন্থৰ গণহত্যা চলাই থকাৰ লগতে নিজৰ আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱ খটুৱাই আৰু ৰাষ্ট্ৰসংঘৰ দৰে বহুজাতিক সংস্থাসমূহক নিয়ন্ত্ৰণ কৰি বিশ্বজুৰি অব্যাহত থকা তিব্বতৰ স্বাধীনতা সংগ্ৰামক দুৰ্বল কৰিবলৈ অহৰহ চেষ্টা কৰি আছে। চীন-তিব্বত সংঘাত শান্তিপূৰ্ণভাৱে সমাধানৰ বাবে তিব্বতী চৰকাৰে (নিৰ্বাসিত) আগবঢ়োৱা দীৰ্ঘদিনীয়া মধ্যম পন্থী নীতিক বেইজিঙে সদায় অবজ্ঞা আৰু তুচ্ছজ্ঞান কৰি আহিছে।

উত্তৰ-পূব ভাৰতত বসবাস কৰা তিব্বতীসকলে চীনৰ এই জাতিগত একতা আৰু প্ৰগতি আইনক তীব্ৰ ভাষাৰে প্ৰত্যাখ্যান কৰিছে আৰু তিব্বতৰ স্বাধীনতা পুনৰুদ্ধাৰৰ বাবে আহ্বান জনাইছে। ভাৰত চৰকাৰ, নাগৰিক সমাজ আৰু ভাৰতৰ জনসাধাৰণৰ প্ৰতি বিনম্ৰ আহ্বান যাতে সকলোৱে ভাৰতৰ প্ৰতি চীনে সৃষ্টি কৰা গুৰুতৰ সুৰক্ষাৰ ভাবুকিৰ প্ৰতি সজাগ হয়। চীনে আক্ৰমণাত্মকভাৱে ভাৰতীয় ভূখণ্ড দাবী কৰা, তিব্বতৰ পৰা বৈ অহা নদীসমূহৰ পানীৰ ওপৰত একচেতিয়া আধিপত্য বিস্তাৰ কৰা আৰু বিভিন্ন ধৰণৰ ভাবুকিপূৰ্ণ কৌশল অৱলম্বন কৰি ভাৰতৰ নিৰাপত্তাত সঘনে বিঘিনি ঘটাই আহিছে।

তিব্বতৰ সবাতোকৈ নিকটৱৰ্তী চুবুৰীয়া, মিত্ৰশক্তি আৰু চীনৰ এই দখলদাৰীৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী হিচাপে পলম হোৱাৰ পূৰ্বেই ভাৰতে চীন-তিব্বত সংঘাতৰ সমাধানৰ বাবে এক অৰ্থপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি এতিয়াও ভাৰতৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *