ড. ভূপেন হাজৰিকাৰ বাবে কলকাতা কেতিয়াও কেৱল এখন চহৰ নাছিল সেয়া আছিল তেওঁৰ সৃষ্টিশীল আশ্রয়স্থল, তেওঁৰ দ্বিতীয় ঘৰ, আৰু যি মঞ্চৰ পৰা তেওঁ সংগীতৰ ডেউকাত অসমৰ আত্মাক সমগ্র বিশ্বতে বিয়পাই দিছিল। ১৯৫৬ চনত টলিগড়ত বসতি স্থাপনৰ পৰাই তেওঁৰ চাৰি দশকজোৰা সংগতি আৰম্ভ হৈছিল। আজি অসম চৰকাৰৰ উদ্যোগত তেওঁৰ ঐতিহাসিক ঘৰখন সংস্কাৰ কৰি সাংস্কৃতিক কেন্দ্ৰ হিচাপে পুনৰ জন্ম হৈ আছে যি হৈ উঠিব একতাৰ চিৰস্থায়ী প্রতীক। এই উত্তৰাধিকাৰ পুনৰ সজীৱ হৈ উঠিল ৮ ছেপ্টেম্বৰত কলকাতাৰ ইণ্ডিয়ান মিউজিয়ামত। ব্যতিক্রম, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ইণ্ডিয়ান মিউজিয়ামৰ যৌথ উদ্যোগত ভূপেনদাৰ শতবার্ষিকী উদযাপনৰ বাবে এক বৃহৎ মহোৎসৱ। অনুষ্ঠানৰ আৰম্ভণিতে প্রদীপ প্রজ্বলন আৰু শিল্পীৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰা হয়। তাৰ পাছতে প্রতিধ্বনিত হৈছিল ভূপেনদাৰ অমৰ গীত “মানুহ মানুহৰ বাবে” যেন প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সেতু গঢ়ি তোলাৰ আবেগঘন আৰম্ভণি। পদ্মশ্রী পূর্ণদাস বাউল সম্রাটে অনুষ্ঠানটো উদ্বোধন কৰি আৱেগিক কণ্ঠেৰে কয়, “আজি মোৰ বয়স তিৰানব্বই। হয়তো কেইবছৰমানৰ পিছত ভূপেনদাৰ লগ পাম। মই এজন বাউল, মোৰ জীৱনৰ দৰ্শন হৈছে প্ৰেম আৰু ভ্ৰাতৃত্বৰ বাৰ্তা দিয়া। ভূপেনদাও সেই একেই সুৰ বাজাইছিল। সেইবাবে আজি আমি সকলো একত্রিত হৈছো -সঙ্গীত আৰু মানৱতাত।” অনুষ্ঠানত উপস্থিত আছিল বহু গণ্যমান্য অতিথি-কলকাতা প্ৰেছ ক্লাবৰ সভাপতি স্নেহাশীষ সূৰ, শিল্পী ডলি ঘোষ, দোহাৰ ব্যাণ্ডৰ ৰাজীব দাস, ইলুমিস ক্লিনিকৰ প্রতিষ্ঠাতা ডঃ ৰীমা দাস মল্লিক, ইঞ্জিনীয়াৰ প্ৰসাদ ৰঞ্জন দাস, ফেচন ডিজাইনৰ চম্পা দাস, জেএমবি হেল্থকেয়াৰৰ সিএ’অ’ অনুপ ভক্ত, Center of Cre-ative and Performing Arts, NSHM-ৰ মুৰব্বী ৰীনা মিত্র, খ্যাতনামা বাউল শিল্পী দিব্যেন্দু দাস বাউল, সাহিত্যিক নিশিত বৰণ সিংহ ৰায়, প্রাক্তন আইএএছ বিষয়া তথা সমাজকর্মী ড. স্বপ্ননীল বৰুৱা, প্রাক্তন পর্যটন আযুক্ত ৰাজবীৰ হুছেইন, বেংকাৰ গৌতম ভট্টাচার্য, ব্যতিক্রম আৰু Lions Club of Guwahati Byatikram-ৰ সভাপতি ড. সৌমেন ভাৰতীয়া আদি। স্বপ্ননীল বৰুৱা কয় যে, “ভূপেন হাজৰিকাই কলকাতাত যি মৰম পাইছিল, সেয়া অদ্বিতীয়। ইয়াতেই তেওঁ কেৱল গায়ক নহয়, এজন সাংস্কৃতিক নেতাৰূপে পৰিণত হৈছিল। আজিৰ অনুষ্ঠানত কোনো শিল্পীয়ে পাৰিশ্রমিক লোৱা নাই-কাৰণ সকলোয়ে ভাবিছিল, এই অনুষ্ঠান হৈছে তেওঁলোকৰ হৃদয়ৰ অৰ্ঘ্য।” স্নেহাশীষ সুৰ কয় যে, “আমাৰ প্ৰজন্ম ‘Mass Communication’ শব্দটোৰ লগত প্রথম পৰিচিত হৈছিল ভূপেন হাজৰিকাৰ ডক্টৰেটৰ জৰিয়তে। তেওঁ কেৱল সংগীতে নহয়, চিন্তাত, গৱেষণাতও পথিকৃৎ আছিল। তেওঁৰ শিক্ষা এতিয়াও আমাক নতুনকৈ ভাবিবলৈ শিকায়।” তাৰ পিছত মঞ্চত একে একে কিংবদন্তি শিল্পীসকল আহি হাজিৰ হৈছিল- শ্রীকান্ত আচার্য, লোপামুদ্রা মিত্র, চন্দ্রিমা ভট্টাচার্য, দোহাৰ ব্যাণ্ড, অনুভূতি কাকতি গোস্বামী, জয়তী ভট্টাচার্য, কাশ্মিৰী কোটোকী মল্লিক, মিঠুন ধৰ, মুছাফিৰ ব্যান্ড, সৃজিতা মিত্র ভট্টাচার্য, ডলি ঘোষ, সর্বাণী ভট্টাচার্য আদি। তেওঁলোকৰ কণ্ঠত ভূপেনদাৰ গীত যেন নতুন জীৱন লাভ কৰিছিল। গীত গাই লোপামুদ্রা মিত্র ক’য় যে, “আজিৰ দিনটোত ভূপেনদাৰ গীত গাই মোৰ নিজৰ ঘৰেতে গীত গোৱা যেন লাগিল। তেওঁৰ সুৰত মাটিৰ গন্ধ আছে, আপোনজনৰ উষ্ণতা আছে।” শ্রীকান্ত আচার্য ক’য়, “ভূপেনদাৰ গীত মানুহক ভেতৰৰ পৰা জোকাৰি যায়। তেওঁৰ প্রতিটো সুৰত এক অন্তহীন নৈৰ সোঁত আছে- যিয়ে আমাক সকলোকে একেলগে কঢ়িয়াই লৈ ফুৰে।” দোহাৰ ব্যাণ্ডৰ শিল্পীসকলে কয়, “আমাৰ বাবে ভূপেনদাৰ গীত কেৱল গীত নহয়, লোককাব্য। প্রতিটো গীতৰ ভেতৰতেই লুকাই আছে মানুহৰ গল্প, প্ৰজন্মৰ সেতুবন্ধন। তেওঁৰ গীত গোৱা মানে তেওঁৰ সৈতে একেলগে পথ চলা।” অনুষ্ঠানৰ সামৰণি পৰে কলকাতাৰ এনএছএইচএম জ্ঞান কেম্পাছৰ ১০০ জন ছাত্র-ছাত্ৰীৰ সমবেত কণ্ঠত ভূপেনদাৰ গান প্রতিধ্বনিত হৈ সকলোকে স্তব্ধ কৰি তোলে। এজন জ্যেষ্ঠ শ্রোতা সমবেত গানৰ পাছত কয়, “ভূপেনদাৰ কণ্ঠত ব্ৰহ্মহ্মপুত্ৰ আৰু হুগলীৰ একত্রিত শব্দ আজিও শুনিবলৈ পাওঁ। তেওঁ অসম আৰু বাংলাৰ উভয়ৰ হৃদয়ৰ শিল্পী।” তাৰপিছত “ড. ভূপেন হাজৰিকা ব্যতিক্রমী আন্তঃৰাষ্ট্ৰীয় বঁটা ২০২৫” প্রদান কৰা হয় শিল্পী হৈমন্তী শুক্লাক। তেওঁ উপস্থিত থাকিব নোৱাৰিলে, কিন্তু তেওঁৰ অন্তদীপ্ত কৃতজ্ঞতা প্ৰেৰণ কৰিলে। ভূপেন হাজৰিকাৰ উত্তৰাধিকাৰৰ প্ৰতি গভীৰ শ্রদ্ধা জনাই বিশেষ সম্মাননা লাভ কৰিলে সংগীতশিল্পী গৌৰ পাল আৰু সুৰোজ বৰুয়া, তেখেত সকলে এসময়ত ভূপেন হাজৰিকাৰ সৈতে সংগীত পৰিবেশন কৰিছিল। লগতে অশোক চক্রবর্তী, ড. জুনমণি দেবী খাউন্ড, সোহেলী শীল চৰকাৰ, সীমা শর্মা, শ্যামশ্রী দাস গুপ্তা, শীলা দৰিয়ানিক অন্যান্য সম্মান প্রদান কৰা হয়। অনুষ্ঠান সম্পর্কে ড. সৌমেন ভাৰতীয়া কয়, “ভূপেন হাজৰিকাৰ গীত আৰু চলচ্চিত্ৰৰ প্রতিটো সৃষ্টি ঐক্যৰ বাৰ্তা বহন কৰে। আজিৰ শতবর্ষ আয়োজনে কেবল এজন শিল্পীক স্মৰণ কৰা নহয়-ই হৈছে তেওঁৰ স্বপ্নৰ ধাৰাবাহিকতা। আজিৰ সন্ধিয়া অসম আৰু বাংলাৰ মাজত তেওঁ গঢ়ি তোলা সাংস্কৃতিক সেতুবন্ধন পুনৰ নবীকৰণ। উল্লেখযোগ্য যে, ১৩ বছৰৰ পৰা ব্যতিক্ৰম ভূপেন হাজৰিকাৰ স্বপ্নৰ প্ৰসাৰ ঘটাবলৈ দেশ-বিদেশত কাম কৰি আছে। যদিও কলকাতাৰ এই শতবর্ষ সন্ধ্যা আছিল বিশেষ। এনে লাগিল যেন ভূপেনদা পুনৰ ঘূৰি আহিছে, প্রতিটো সুৰত, প্রতিটো স্মৃতিত, প্রতিটো চকুৰ পাণী আৰু হাঁহিত। ৰাতি নামি অহাৰ পাছতো প্রেক্ষাগৃহত এক অদম্য সত্য ৰৈ গ’ল- ভূপেন হাজৰিকা আমাক এৰি যোৱা নাই। তেওঁৰ শতবর্ষ কেরল এজন শিল্পীক স্মৰণ নহয়-ই এটা পুনৰুত্থান। তেওঁৰ গীতবোৰে এতিয়াও কথা কয়, তেওঁৰ বাৰ্তাই হৃদয়ৰ ঘাঁবোৰ ভাল কৰে, তেওঁৰ উত্তৰাধিকাৰে এতিয়াও আমাক বাট দেখুৱাইছে। Share this:FacebookX Related Post navigation টিভিএছ মটৰ কোম্পানীয়ে টিভিএছ এনটৰ্ক ১৫০ মুকলি কৰাৰ কথা ঘোষণা কৰিছে গড্ৰেজ এৰে ভাৰতৰ আটাইতকৈ সুলভ মূল্যত আগবঢ়াইছে ইলেক্ট্ৰিক ৰুম ফ্ৰেছনাৰ এৰ প্লাগ, যাৰ মূল্য প্ৰতিদিনে মাত্ৰ ২.৫ টকা