জুবিন গাৰ্গে যি কয় তাকেই পাৰ্থই শুনিছিল । পাৰ্থৰ জন্মদিনত জুবিনে যি কৰিবলৈ দিয়ে তাকেই কৰিছিল ৷গহপুৰৰ জুবিন বলিয়া বিবাহিত যুৱকজনৰ নাম পাৰ্থ বৰকটকী (৪১) । অৱশ্য়ে যুৱকজন বিবাহিত যদিও থাকে অকলশৰীয়াকৈ । জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ অহাৰ প্ৰথম দিনটোতে তেওঁ গুৱাহাটীলৈ গৈ আপোন শিল্পীগৰাকীক পুষ্পাঞ্জলি অৰ্পণ কৰি গহপুৰৰ পুৰুপবাৰীৰ ঘৰলৈ উভতি আহে । ইয়াৰ পিছৰে পৰাই যুৱকজনে উপবাসে থাকিবলৈ লয় ।ঘৰত অকলশৰীয়াকৈ থকা পাৰ্থই ২১ ছেপ্টেম্বৰৰ সন্ধিয়া পুৰুপবাৰীৰ জুবিনৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি কান্দি কান্দি ভাগৰুৱা হৈ পৰে । ওচৰ চুবুৰীয়াই সোমবাৰৰ পৰা পাৰ্থক দেখা নাপাই মঙলবাৰে সন্ধিয়া ৬.৩০ মান বজাত চাওতে পাৰ্থক মৃত অৱস্থাত উদ্ধাৰ কৰে । জুবিন গাৰ্গৰ মৃত্যুত শোকত উপবাসে থকাৰ লগতে অধিক আৱেগিক হোৱাৰ ফলতে পাৰ্থৰ অকাল মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *