কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ভোট চুৰিৰ অভিযোগক লৈ দ্বিতীয়বাৰৰ বাবে সংবাদমেল সম্বোধন কৰে। ইয়াৰ পূৰ্বে তেওঁ ৭ আগষ্টত সংবাদ মেল সম্বোধন কৰে। ৰাহুল গান্ধীয়ে উপস্থাপনৰ জৰিয়তে ভোট চুৰিৰ অভিযোগ আৰু প্ৰমাণ দাখিল কৰে। তেওঁ উল্লেখ কৰে যে নিৰ্বাচন আয়োগে ইচ্ছাকৃতভাৱে কংগ্ৰেছ ভোটাৰক লক্ষ্য কৰি তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে। এইবাৰ ৰাহুল গান্ধীয়ে সংবাদ মেলত লগত লৈ আহিছিল ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা ভোটাৰ। সংবাদমেল আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছে এক্স পোষ্টত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কেপচন দিছিল, “চিটবেল্ট বান্ধি লওক…”। ভোট চুৰিৰ অভিযোগ সন্দৰ্ভত বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে নতুন দাবী উত্থাপন কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ৰাহুলে নিৰ্বাচন আয়োগৰ সহযোগত বিজেপিয়ে বিহাৰ, হাৰিয়ানা, কৰ্ণাটক, মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকাত ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভুৱা লগইনৰ জৰিয়তে ভোটাৰৰ নাম ডিলিট কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ভোট চোৰক সুৰক্ষা প্ৰদান কৰিছে। ৰাহুল গান্ধীয়ে দাবী কৰে যে মহিলা, দলিত, আদিবাসীৰ ভোট চুৰি হৈছে, আৰু কংগ্ৰেছৰ ভোটাৰৰ নাম লক্ষ্য কৰি লোৱা হৈছে। দিল্লীত সংবাদ মেলত তেওঁ কয়-মই ইয়াত এটা দাবী কৰিবলৈ ওলাইছো। এটা অতি শক্তিশালী দাবী। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিষয়ে। মই বিৰোধীৰ নেতা হিচাপে এই কথা কৈছো। মই এনে প্ৰমাণ দেখুৱাবলৈ ওলাইছো যিয়ে স্পষ্টকৈ দেখুৱাব যে মুখ্য নিৰ্বাচন আয়ুক্তই ভাৰতীয় গণতন্ত্ৰ ধ্বংস কৰাসকলক সুৰক্ষা দিছে। Share this:FacebookX Related Post navigation বিশ্বকৰ্মা পূজাত যান-বাহন প্ৰতিষ্ঠানৰ শ্ৰমিক, বাহনৰ সহায়কৰ বাবে পৰিবহণ বিভাগৰ বিশেষ জনসেৱা মাহৰ কাৰ্যসূচী অসমৰ জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃ*ত্যু