চেন্ট্ৰেল ডিপজিটৰী চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেড (চিডিএছএল) ইনভেষ্টৰ প্ৰটেকচন ফাণ্ড (আইপিএফ)-এ নিজৰ চলিত ‘আত্মনিৰ্ভৰ’ পদক্ষেপৰ অংশ হিচাপে ‘বনো মিছ আত্মনিৰ্ভৰ ইনভেষ্টৰ’ নামৰ এটা নতুন বিনিয়োগকাৰী সজাগতামূলক গীত মুকলি কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে অধিক সংখ্যক মহিলাক প্ৰতিভূতি বজাৰত অংশগ্ৰহণ কৰিবলৈ আৰু আত্মবিশ্বাসী, অৱগত তথা স্বাৱলম্বী বিনিয়োগকাৰী হ’বলৈ উৎসাহিত কৰা। জনপ্ৰিয় গায়িকা, অভিনেত্ৰী আৰু সমল সৃষ্টিকাৰী ছাই গডব’লেই কণ্ঠদান কৰা এই গীতটোৰ সৈতে এখন চলচ্চিত্ৰও প্ৰদৰ্শন কৰা হৈছে। এই চলচ্চিত্ৰখনত এগৰাকী মহিলাৰ জীৱনৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিসমূহ— কৰ্মজীৱনৰ আৰম্ভণিৰ পৰা নতুন দায়িত্ব গ্ৰহণ কৰা আৰু ব্যক্তিগত আকাংক্ষাক পূৰণ কৰালৈকে সকলোবোৰ ফুটাই তোলা হৈছে। এই প্ৰচাৰ অভিযানে জীৱনৰ এই অভিজ্ঞতা আৰু বিনিয়োগৰ যাত্ৰাৰ মাজত এক সমান্তৰাল সম্পৰ্ক দেখুৱাইছে। ইয়াৰ জৰিয়তে সংকোচ দূৰ কৰা, প্ৰথমটো খোজ পেলোৱা আৰু সঠিক তথ্যৰ ভিত্তিত বিত্তীয় সিদ্ধান্ত লোৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে।

সম্পদ সৃষ্টিকাৰী, ভৱিষ্যৎ নিৰ্মাতা আৰু লক্ষ্যত উপনীত হ’ব পৰা ব্যক্তি হোৱাৰ বাৰ্তা প্ৰেৰণেৰে এই পদক্ষেপে মহিলাসকলক নিজৰ বিত্তীয় ভৱিষ্যতৰ দায়িত্ব ল’বলৈ আৰু দীৰ্ঘম্যাদী বিত্তীয় নিৰাপত্তা গঢ়ি তুলিবলৈ উৎসাহিত কৰিব বিচাৰিছে। বৰ্তমান ভাৰতত প্ৰতি চাৰিগৰাকী বিনিয়োগকাৰীৰ ভিতৰত প্ৰায় এগৰাকী মহিলাই অংশগ্ৰহণ কৰে, যিয়ে দেশখনৰ বিনিয়োগ ক্ষেত্ৰখনত মহিলাৰ বৰ্ধিত অংশগ্ৰহণক প্ৰতিফলিত কৰে। তথাপিও প্ৰতিভূতি বজাৰত সঠিক আৰু পোনপটীয়া অংশগ্ৰহণ নিশ্চিত কৰিবলৈ সজাগতা, আত্মবিশ্বাস, সামগ্ৰীৰ বুজাবুজি আৰু নিৰ্ভৰযোগ্য তথ্য লাভ আদিয়ে আজিও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চিডিএছএল আইপিএফ সচিবালয়ৰ প্ৰধান সুধীশ পিল্লাইয়ে এই পদক্ষেপৰ সন্দৰ্ভত কয় যে, “‘বনো মিছ আত্মনিৰ্ভৰ ইনভেষ্টৰ’ গীতটো এটা সৰল অথচ শক্তিশালী বাৰ্তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে, যে প্ৰতিটো সাৰ্থক যাত্ৰা একো একোটা প্ৰথম খোজেৰে আৰম্ভ হয়।

এই পদক্ষেপৰ জৰিয়তে আমি অধিক মহিলাক বিনিয়োগৰ দিশত সেই প্ৰথমটো খোজটো পেলাবলৈ, জ্ঞান-তথ্যৰ জৰিয়তে আত্মবিশ্বাস গঢ়ি তুলিবলৈ আৰু সঠিক বিত্তীয় সিদ্ধান্ত ল’বলৈ উৎসাহিত কৰিব বুলি আশা কৰিছোঁ। যিহেতু মহিলাসকলে ক্ৰমান্বয়ে নিজৰ বিত্তীয় ভৱিষ্যতৰ দায়িত্ব লৈছে, মহিলাই কেৱল নিজৰ দীৰ্ঘম্যাদী বিত্তীয় নিৰাপত্তাই নহয়, বৰঞ্চ এক অধিক অন্তৰ্ভুক্ত আৰু শক্তিশালী বিনিয়োগ পৰিৱেশ তন্ত্ৰ গঢ়াত অৱদান যোগাইছে।” চিডিএছএল আইপিএফ-এ জানিবলৈ দিয়ে যে প্ৰতিষ্ঠানটোৱে প্ৰতিভূতি বজাৰত দায়িত্বশীল অংশগ্ৰহণক উৎসাহিত কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ দৰ্শকৰ মাজত বিত্তীয় সাক্ষৰতা আৰু বিনিয়োগকাৰীৰ সজাগতা বৃদ্ধি অব্যাহত ৰাখিব।

Leave a Reply

Your email address will not be published. Required fields are marked *