বজাৰৰ তাৰতম্য বা উত্থান-পতনৰ বাবে বিনিয়োগকাৰীসকলে নিজৰ দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্যত স্থিৰ হৈ থকাটো কঠিন হৈ পৰে। এই সমস্যা দূৰ কৰিবলৈ টাটা এআইএ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিছে টাটা এআইএ মাল্টিফেক্টৰ ইণ্ডেক্স ফাণ্ড। এয়া হৈছে এটা ইউনিট-লিংকড (ইউএলআইপি) আঁচনি, যিয়ে প্ৰতিভূতি বজাৰত অংশগ্ৰহণৰ সুযোগ দিয়াৰ লগতে জীৱন বীমাৰ সুৰক্ষাও প্ৰদান কৰে। এই ফাণ্ডটোৱে চাৰিটা মূল কাৰক— কম তাৰতম্য, গুণগত মানদণ্ড, মূল্য আৰু গতিবেগৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি নিফটি ৫০০ তালিকাৰ পৰা ৫০টা কোম্পানী বাছনি কৰে। কম তাৰতম্য থকা কোম্পানীসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্য হ’ল— ইতিহাসগতভাৱে সুস্থিৰ মূল্য থকা কোম্পানীসমূহক বাছি লৈ বিনিয়োগকাৰীক ইক্যুইটি বজাৰৰ বিকাশৰ অংশীদাৰ কৰাৰ লগতে এক সুৰক্ষিত আৰু স্থিৰ বিনিয়োগৰ যাত্ৰা উপহাৰ দিয়া। ভাৰতৰ উপভোগ-গ্ৰাহক, উৎপাদন, আন্তঃগাঁথনি উন্নয়ন আৰু ডিজিটেল সম্প্ৰসাৰণৰ ওপৰত ভিত্তি কৰি দেশখনে দীৰ্ঘম্যাদী বিকাশৰ এক শক্তিশালী সম্ভাৱনা প্ৰদৰ্শন কৰি আহিছে। অৱশ্যে, বজাৰ সদায় পোনপটীয়াভাৱে আগনাবাঢ়ে।

অকল এটা বিশেষ শৈলী বা থিমৰ ওপৰত কৰা বিনিয়োগে বিপদাশংকা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত বজাৰ হ্ৰাস পালে বিনিয়োগকাৰীসকল লোকচানৰ সন্মুখীন হ’বলগা হয়। টাটা এআইএ মাল্টিফেক্টৰ ইণ্ডেক্স ফাণ্ডে একাধিক ৰিটাৰ্ন চালকক একত্ৰিত কৰি এই বিপদাশংকা হ্ৰাস কৰে। টাটা এআইএ-ৰ ইউএলআইপি আঁচনিসমূহৰ জৰিয়তে উপলব্ধ এই ফাণ্ডে গ্ৰাহকসকলক বজাৰ-সংলগ্ন বিনিয়োগৰ সুযোগৰ সৈতে জীৱন বীমাৰ সুৰক্ষা লাভ কৰাত সহায় কৰিব। এই ৰণনীতিটো এটা পেচিভ আৰু পৰিমাণগত (quantitative) ফ্ৰেমৱৰ্ক ব্যৱহাৰ কৰি দীৰ্ঘম্যাদী ধন সৃষ্টিৰ বাবে প্ৰস্তুত কৰা হৈছে। মুখ্য বৈশিষ্ট্যসমূহ-বেঞ্চমাৰ্ক: নিফটি ৫০০ মাল্টিফেক্টৰ এমকিউভিএলভি ৫০ ইণ্ডেক্স (কাষ্টমাইজড), ইক্যুইটি আবণ্টন: ৮০% ৰ পৰা ১০০%, নগদ ধন আৰু পুঁজি বজাৰ আবণ্টন: ০% ৰ পৰা ২০%, পৰ্টফলিঅ’: নিফটি ৫০০-ৰ পৰা ৫০ টা কোম্পানী আৰু ৰণনীতি: পেচিভ, কোৱাণ্টিটেটিভ মাল্টিফেক্টৰ পদ্ধতি।

এই এনএফঅ’ৰ সময়সীমা ২০২৬ চনৰ ২৩ জুনৰ পৰা ৩০ জুনলৈকে মুকলি চলিব। এই সময়ছোৱাত সংগ্ৰহ কৰা সকলো পলিচী ২০২৬ চনৰ ৩০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ১০ টকাৰ নেট এছেট ভেল্যুত জাৰি কৰা হ’ব। টাটা এআইএ মাল্টিফেক্টৰ ইণ্ডেক্স ফাণ্ড সেইসকল দীৰ্ঘম্যাদী গ্ৰাহকৰ বাবে প্ৰস্তুত কৰা হৈছে, যিসকলে বজাৰ-সংলগ্ন জীৱন বীমা সমাধানৰ জৰিয়তে ভাৰতৰ বিকাশৰ যাত্ৰাত অধিক স্থিৰতাৰে অংশগ্ৰহণ কৰিব বিচাৰে। বিতং তথ্যৰ বাবে www.tataaia.com ৱেবচাইট দৰ্শন কৰিব পাৰে। এই টাটা এআইএ মাল্টিফেক্টৰ ইণ্ডেক্স ফাণ্ড কোম্পানীটোৰ কেইবাটাও ইউএলআইপিত উপলব্ধ হ’ব। ২০২৬ চনৰ ৩১ মাৰ্চলৈকে টাটা এআইএ লাইফ ইঞ্চুৰেন্সৰ আণ্ডাৰ মেনেজমেণ্ট এছেট (এইউএম) আছিল ১,৪৫,৬১৭ কোটি টকা, যিয়ে বছৰি ১৮% বিকাশ প্ৰদৰ্শন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *