গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামত ২৩ আগষ্টত প্ৰথম ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ সামৰণি পৰে। প্ৰথম সংস্কৰণৰ সফল সমাপ্তিৰে অসম তথা সমগ্ৰ উত্তৰ-পূবৰ ক্ৰিকেট জগতত এক নতুন ফ্ৰেঞ্চাইজিভিত্তিক টি-২০ প্লেটফৰ্মৰ সূচনা হয়। অসম ক্ৰিকেট সন্থাই আয়োজন কৰা এই প্ৰথম সংস্কৰণত ৮টা ফ্ৰেঞ্চাইজিয়ে অংশগ্ৰহণ কৰিছিল আৰু মুঠ ৪৩খন মেচ অনুষ্ঠিত হৈছিল। এই লীগ অসমৰ উদীয়মান স্থানীয় ক্ৰিকেটাৰসকলৰ বাবে এক প্ৰতিযোগিতাপূৰ্ণ মঞ্চ প্ৰদান কৰাৰ লগতে অনুৰাগী আৰু আঞ্চলিক অংশীদাৰসকলৰ বাবে ক্ৰীড়াক্ষেত্ৰত এক নতুন সোপান-সম্ভাৱনা গঢ়ি তুলিছে। ফাইনেল মেচখনত গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি বৰপেটা ব্ৰেভছ এই প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন হিচাপে পৰিগণিত হয়।

এপিএলৰ মুখ্য স্পনছৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ-এ এই লীগলৈ সহযোগিতা আগবঢ়ায় আৰু সমগ্ৰ প্ৰতিযোগিতাখনৰ ভৌতিক তথা ডিজিটেল মাধ্যমসমূহৰ জৰিয়তে নিজৰ উপস্থিতি সুনিশ্চিত কৰে। তিলকনগৰ ইণ্ডাষ্ট্ৰীজৰ চিএমঅ’ আহমেদ ৰহিমতুলাই এই বিষয়ে কয় যে এই অংশীদাৰিত্বই আঞ্চলিক ক্ৰীড়া মঞ্চ, স্থানীয় প্ৰতিভা আৰু অসমৰ ক্ৰিকেট সংস্কৃতিৰ প্ৰতি কোম্পানীটোৰ সমৰ্থনক প্ৰতিফলিত কৰে। অসম প্ৰিমিয়াৰ লীগৰ অধ্যক্ষ ৰাজদীপ ওজাই কয় যে, খেলুৱৈ, অনুৰাগী আৰু সাধাৰণ ৰাইজৰ সঁহাৰি আছিল অতি উৎসাহজনক, যিয়ে এক দীৰ্ঘম্যাদী ক্ৰীড়া মঞ্চ হিচাপে এই টুৰ্ণামেণ্টখনৰ সম্ভাৱনাৰ দিশটো প্ৰতিফলিত কৰিছে। এই অংশীদাৰিত্বই তিলকনগৰ ইণ্ডাষ্ট্ৰীজৰ অসম আৰু উত্তৰ-পূবৰ প্ৰতি থকা ব্যাপক দায়বদ্ধতাৰ দিশটো প্ৰতিফলিত কৰিছে, য’ত নিজৰ ইম্পেৰিয়েল ব্লু ব্ৰেণ্ডৰ ইতিবাচক বিকাশৰ সম্ভাৱনা লক্ষ্য কৰিছে। এই লীগে এতিয়া নিজকে আঞ্চলিক গৌৰৱ, সামাজিক অংশগ্ৰহণ আৰু বাণিজ্যিক সুযোগৰ সংমিশ্ৰণ ঘটোৱা এক উমৈহতীয়া মঞ্চ হিচাপে গঢ়ি তুলিছে, যাৰ ফলত স্থানীয় ক্ৰিকেট প্ৰতিভাসমূহৰ পথ অধিক শক্তিশালী হৈ পৰিব।

তিলকনগৰ ইণ্ডাষ্ট্ৰীজৰ চিএমঅ’ আহমেদ ৰহিমতুলাই পুনৰ কয় যে, এই লীগে ক্ৰিকেটৰ প্ৰতি অসমৰ উচাহক প্ৰতিফলিত কৰাৰ লগতে এক শক্তিশালী আঞ্চলিক পৰিচয়েৰে এনে ক্ৰীড়া মঞ্চ গঢ়ি তোলাৰ সম্ভাৱনাক উজলাই তুলিছে। প্ৰথমটো সংস্কৰণে অসম প্ৰিমিয়াৰ লীগক এক দীৰ্ঘম্যাদী ক্ৰীড়া মঞ্চ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এক সুদৃঢ় ভেটি স্থাপন কৰিব বুলি আশা কৰা হৈছে, যিয়ে আঞ্চলিক গৌৰৱ, সামাজিক অংশগ্ৰহণ আৰু স্থানীয় ক্ৰীড়া প্ৰতিভাসমূহৰ বাবে অপৰিসীম সুযোগ কঢ়িয়াই আনিব।

Leave a Reply

Your email address will not be published. Required fields are marked *