ৰেন’ ইণ্ডিয়াই নিজৰ জনপ্ৰিয় কম্পেক্ট এছইউভি কাইগাৰৰ মডেলৰ পৰিসৰ বৃদ্ধি কৰিছে। তীব্ৰ প্ৰতিযোগিতাপূৰ্ণ বি-এছইউভি শিতানত গ্ৰাহকসকলৰ বাবে প্ৰিমিয়াম বৈশিষ্ট্য আৰু টাৰ্ব’ প্ৰদৰ্শন অধিক সুলভ কৰি তোলাৰ উদ্দেশ্যে প্ৰতিষ্ঠানটোৱে নেচাৰেলী এস্পিৰেটেড আৰু টাৰ্ব’চাৰ্জড দুয়োটা ইঞ্জিনতে চাৰিটা নতুন ভেৰিয়েণ্ট বজাৰত মুকলি কৰিছে। এই শেহতীয়া আপডেটৰ জৰিয়তে ৰেন’ কাইগাৰ টাৰ্ব’ৰ প্ৰাৰম্ভিক মূল্য এতিয়া ৭.৮৯ লাখ টকা (এক্স-শ্ব’ৰুম) হৈছে, যাৰ ফলত ই এণ্ট্ৰি-লেভেল বি-এছইউভি শ্ৰেণীত আটাইতকৈ কম দামৰ টাৰ্ব’-পাৱাৰ্ড এছইউভি ৰূপে পৰিগণিত হৈছে। ইয়াৰ উপৰিও কোম্পানীটোৱে নেচাৰেলী এস্পিৰেটেড (মেনুৱেল আৰু এএমটি) আৰু টাৰ্ব’ (মেনুৱেল) সংস্কৰণত এটা নতুন ইভল্যুচন প্লাছ ভেৰিয়েণ্ট মুকলি কৰিছে, যাৰ প্ৰাৰম্ভিক মূল্য ৬.৯৯ লাখ টকা(এক্স-শ্ব’ৰুম)ৰ পৰা আৰম্ভ হৈছে। এই নতুন ইভল্যুচন প্লাছ ভেৰিয়েণ্টত কেইবাটাও প্ৰিমিয়াম বৈশিষ্ট্য যোগ কৰা হৈছে, যাৰ ভিতৰত আছে পুচ ষ্টাৰ্ট/ষ্টপযুক্ত স্মাৰ্ট এক্সেছ কাৰ্ড, অটোমেটিক ক্লাইমেট কণ্ট্ৰল, ৱায়াৰলেচ স্মাৰ্টফোন ৰেপ্লিকেচন (কানেক্টিভিটি), ড্ৰাইভ কৰা আসনৰ ওপৰ-তল কৰা ব্যৱস্থা আৰু পাতল আৰ্হিৰ কাপোৰৰ ছীট কভাৰ আদি। ৰেন’ই নিজৰ টাৰ্ব’ মডেলৰ পৰিসৰ তিনিটাৰ পৰা পাঁচটালৈ বৃদ্ধি কৰিছে আৰু টেকন’ টাৰ্ব’ (ভেৰিয়েণ্টত ৫-স্পীড মেনুৱেল ট্ৰেন্সমিচনৰ বিকল্প অন্তৰ্ভুক্ত কৰিছে, যিয়ে গ্ৰাহকক অধিক পছন্দ আৰু কম খৰচৰ সুবিধা প্ৰদান কৰিব। একেদৰে, নেচাৰেলী এস্পিৰেটেড মডেলৰ পৰিসৰো ছয়টাৰ পৰা আঠটালৈ বৃদ্ধি কৰা হৈছে। ৰেন’ ইণ্ডিয়াৰ চেলচ এণ্ড মাৰ্কেটিং বিভাগৰ উপাধ্যক্ষ ফ্ৰাঞ্চিস্ক’ হিডালগোৱে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে, কোম্পানীটোৱে সামগ্ৰিক গাড়ী ক্ৰয় আৰু ব্যৱহাৰৰ অভিজ্ঞতা উন্নত কৰাৰ লগতে নতুন উদ্ভাৱন, প্ৰদৰ্শন আৰু উন্নত বৈশিষ্ট্যসমূহ গ্ৰাহকৰ বাবে অধিক সুলভ কৰি তোলাৰ ওপৰত গুৰুত্ব দি আহিছে। কাইগাৰ বাহনখনত এই শ্ৰেণীৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে পৰিগণিত হোৱা কিছুমান বৈশিষ্ট্য আগবঢ়োৱা হৈছে, যেনে— ১০০ পিএছ টাৰ্ব’চাৰ্জড পেট্ৰ’ল ইঞ্জিন, ২০৫ এমএম গ্ৰাউণ্ড ক্লিয়াৰেন্স, ৪০৫ লিটাৰৰ বুট স্পেচ আৰু বিস্তৃত ইণ্টেৰিঅ’ৰ। এই সকলোবোৰে বি-এছইউভি শিতানত আকৰ্ষণীয় স্থিতি অধিক সুদৃঢ় কৰি তুলিছে। Share this:FacebookX Related Post navigation চিডিএছএল আইপিএফ-এ মহিলাৰ মাজত বিত্তীয় সজাগতা বৃদ্ধিৰ বাবে মুকলি কৰিছে ‘বনো মিছ আত্মনিৰ্ভৰ ইনভেষ্টৰ’ শীৰ্ষক গীত