Category: Assam

পাইনুৰ্ছলালৈ পথ যোগাযোগ বিচ্ছিন্ন: শ্বিলং-ডাউকী পথত ভূমিস্খলন, জনসাধাৰণৰ চলাচল বন্ধ

দেওবাৰে পুৱা মেঘালয়ৰ শ্বিলং-ডাউকী পথত সংঘটিত হোৱা এক বৃহৎ ভূমিস্খলনৰ ফলত লাইটলিংকট গাঁৱেৰে পাইনুৰ্ছলালৈ পথ যোগাযোগ ব্যাহত হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে, নিৰ্মাণ কোম্পানীৰ এখন এক্সকেভেটৰ পাহাৰৰ পৰা বাগৰি পৰিলেও…

শিশুৰ পৰা বৃদ্ধলৈকে, সকলোকে আৰোগ্য দিয়ে যোগে’: বিত্তমন্ত্ৰীৰ সৈতে যোগ দিৱসত হিমন্ত

দেওবাৰে পুৱা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিশেষ অধিবেশনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে অংশগ্ৰহণ কৰে। যোগৰ গুৰুত্ব সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে যোগ…

বিপদত মমতা বেনাৰ্জী! প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অভিষেক বেনাৰ্জীলৈ জাৰি আদালতৰ জাননী

ক্ষমতাৰ গাদী হেৰুওৱাৰ পিছতে বিপদে লগ নেৰা হৈছে মমতা বেনাৰ্জীৰ। তৃণমূল কংগ্ৰেছত অব্যাহত থকা দলত্যাগৰ জোৱাৰৰ মাজতে এইবাৰ পুনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীলৈ জাননী জাৰি কৰাৰ নিৰ্দেশ…

জীৱন যুদ্ধত পৰাজিত হ’ল কণমানি খুছবুও! প্ৰায় সাত মাহ পূৰ্বে পথ দুৰ্ঘটনাত মৃত্যু ঘটিছিল পৰিয়ালৰ আন ৪ সদস্যৰ

প্ৰায় সাত মাহ পূৰ্বে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই নিঃশেষ কৰিছিল এটা পৰিয়ালৰ চাৰিজন সদস্যক। সেই দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত সাক্ষী হিচাপে জীৱন-মৃত্যুৰ সৈতে যুঁজি আছিল কণমানি খুছবু। অৱশেষত বৃহস্পতিবাৰে মৃত্যুক…

ফালতা থানা ঘেৰাও কাণ্ডত গ্ৰেপ্তাৰ জাহাংগীৰ খানৰ পত্নী; লকআপৰ পৰা স্বামীক মুক্ত কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ

স্বামীৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি আৰম্ভ হোৱা প্ৰতিবাদী আন্দোলন এইবাৰ উপনীত হৈছে গ্ৰেপ্তাৰলৈ। পশ্চিমবংগৰ ফালতাৰ প্ৰভাৱশালী তৃণমূল নেতা জাহাংগীৰ খানক মুক্ত কৰাৰ উদ্দেশ্যে থানা ঘেৰাও আৰু আৰক্ষীৰ ওপৰত আক্ৰমণৰ চেষ্টা চলোৱাৰ…

প্ৰতিচ্ছবি মচিলেই জুবিন নাইকিয়া নহয়ঃ জুবিনৰ ছবি মচি দিয়াক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান পবিত্ৰ মাৰ্ঘেৰিটাৰ

গণেশগুৰিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি দিয়াক কেন্দ্ৰ কৰি অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাই তেওঁ কয় যে প্ৰতিচ্ছবি…

জুবিনৰ ছবি বিকৃত কৰাৰ অভিযোগৰ প্ৰত্যুত্তৰ মাৰ্শ্বেল বৰুৱাৰ; ‘পুনৰ ভালদৰে আঁকিম’ বুলি আশ্বাস

গণেশগুৰি উৰণ সেতুত পুনৰ অংকন কৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিক লৈ সামাজিক মাধ্যমত অব্যাহত আছে বিতৰ্ক। ছবিখন বিকৃতভাৱে অংকন কৰা হৈছে বুলি একাংশ লোকে সমালোচনা কৰাৰ পাছত এইবাৰ সেই…

তিতাবৰত মৰ্মান্তিক ঘটনা! বজ্ৰ পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰীৰ

বাৰিষাৰ প্ৰতিকূল বতৰৰ মাজতে বজ্ৰ পৰি মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গছৰ তলত বহাৰ সময়তে বজ্ৰ পৰি অচেতন হৈ পৰে ছাত্ৰীগৰাকী। তিতাবৰৰ বেবেজীয়া…

‘মোগলী গাৰ্ল’ এহছাছৰ মৃত্যু! অৰণ্যৰ পৰা হৈছিল উদ্ধাৰ

৯ বছৰ পূৰ্বে অৰণ্যৰ মাজত উদ্ধাৰ হৈছিল এটি কণমানি। মানুহ চিনি নোপোৱা, জন্তুৰ দৰে খোজ কঢ়া আৰু জন্তুৰ দৰেই আচৰণ কৰা সেই কিশোৰীগৰাকীক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত ৰখা হৈছিল শিশু…

সুন্দৰবৰীত উদ্ধাৰ কৰা গুই সাপ জালুকবাৰী সংৰক্ষিত বনাঞ্চলত মুকলি

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ গাতে লগা সুন্দৰবৰীত কালি দুপৰীয়াৰ ভাগত এখন দোকানৰ চালত বিলুপ্তপ্ৰায় প্ৰজাতিৰ এডাল প্ৰকাণ্ড গুই সাপৰ বিচৰণক কেন্দ্ৰ কৰি স্বাভাবিকতে অঞ্চলটোত কৌতুহলৰ সৃষ্টি হয়। জানিব পৰা মতে সুন্দৰবৰীৰ…